বিশ্বনাথ,28 ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যৰ ৰাজনৈতিক দল তথা ৰাজনৈতিক নেতাসকলৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ কি শাসকীয় দল কি বিৰোধী দল, উভয়পক্ষৰে শীৰ্ষ নেতাৰ সোঁত বৈছে অসমলৈ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পাচতে সোমবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা বাদ্ৰা ৷
গুৱাহাটী বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাচতে বিশেষ হেলিকপ্টাৰযোগে পোনে পোনে যাত্ৰা কৰিব লখিমপুৰলৈ। লখিমপুৰৰ কেইবাটাও নিৰ্বাচনী কাৰ্যসূচীত অংশ গ্ৰহন কৰাৰ পাচত পুনৰ বিশেষ বাহনেৰে যাত্ৰা কৰিব গহপুৰলৈ । গহপুৰত দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নিশাটো কটাব বিশ্বনাথ চাৰিআলিত । পুনৰ ৰাতিপুৱা তেজপুৰৰ জনসভালৈ যোৱাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰিব সাকোমঠা চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক । ইতিমধ্যে প্ৰিয়ংকা গান্ধীৰ বিশ্বনাথ আগমনক লৈ বিশ্বনাথৰ কংগ্ৰেছ কৰ্মীসকল ব্যস্ত হৈ পৰিছে ৷
আনহাতে নেত্ৰী গৰাকীয়ে নিশা বিশ্বনাথত কটোৱাৰ বাবে সুৰক্ষাৰ স্বাৰ্থত বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱনৰ কোঠা বিছাৰিছিল যদিও জিলা প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ বাবে অনুমতি প্ৰদান নকৰাত কংগ্ৰেছৰ মুখপাত্ৰ ড৹ সঞ্জু বৰুৱাই ক্ষোভ প্ৰকাশ কৰি কয়, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক ৰাজ আতিথ্যৰ প্ৰয়োজন নাই। নেত্ৰী গৰাকীয়ে যিকোনো পৰিবেশতে থাকিব পাৰে । প্ৰয়োজন হ'লে সাধাৰণ কংগ্ৰেছ কৰ্মীৰ ঘৰত থাকিব প্ৰিয়ংকা গান্ধী ৷ কিন্তু পৰবৰ্তী সময়ত আমিও চকু ৰাখিম, ৰাইজে চকু ৰাখিব যাতে বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক বা ৰাজ্যিক পৰ্যায়ৰ নেতাৰ ক্ষেত্ৰতো যাতে প্ৰশাসনে সমান দৃষ্টি ৰাখে ।