ETV Bharat / state

২১ ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব: ৰিপুণ বৰা - বুথ সংকল্প শিবিৰ

চতিয়া সমষ্টিৰ টুপীয়াত বুথ সংকল্প শিবিৰ অনুষ্ঠিত । এই শিবিৰত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । ২১ ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি দাবী ৰিপুণ বৰাৰ ।

চতিয়াত বিজেপিক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ

author img

By

Published : Feb 25, 2021, 2:09 PM IST

চতিয়া,25 ফেব্ৰুৱাৰী: আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ভোটাৰক আকৰ্ষিত কৰিবলৈ শাসক আৰু বিৰোধী উভয়েই উঠি পৰি লাগিছে । সমান্তৰালভাৱে বুধবাৰে ৭৫ নং বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ টুপিয়াত কংগ্ৰেছ দলৰ এক বুথ সংকল্প শিবিৰ অনুষ্ঠিত হয় । পাঁচ শতাধিক বুথ সমিতিৰ কৰ্মকৰ্তাৰ উপস্থিতিত আয়োজিত শিবিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত হৈ শাসকীয় দল বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে । ২১ ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি দাবী জনায় ৰিপুণ বৰাই ।

চতিয়াত বিজেপিক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ

উক্ত শিবিৰত সুদুৰ ছট্টিশগড়ৰৰ পৰা অহা কংগ্ৰেছৰ পৰ্যবেক্ষক অংকিত তিৱাৰী উপস্থিত হৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰীকো সমালোচনা কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সদস্য বিশ্বনাথ চাৰিআলিৰ সঞ্জু বৰুৱাই কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী ছয় জনৰ ভিতৰত যিজনেই দলীয় টিকট লাভ কৰিব সেইজনকে সকলোৱে সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক: বিশ্বনাথৰ বাট-পথ উন্নীতকৰণত বিশেষ গুৰুত্ব উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.