ETV Bharat / state

Rice scam in Biswanath: মহেশ্বৰ মহিমা, 700 কুইন্টল চাউল হেৰাল গুদামৰ পৰা - Co operative Societies rice scam in biswanath

বগা চাউলৰ ক’লা বেহা ৷ বিশ্বনাথত সৰ্ববৃহৎ চাউল কেলেংকাৰীৰ অভিযোগ ৷ 700 কুইন্টল চাউল হৰলুকীৰে সমবায় সমিতিৰ সম্পাদকে হিতাধিকাৰীৰ পেটত মাৰিছে লাথ ৷ এই গুৰুতৰ অভিযোগ সুলভ মূল্যৰ এজেন্টৰ ৷

Rice scam in Biswanath
700 কুইন্টল চাউল হেৰাল গুদামৰ পৰা
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:32 PM IST

700 কুইন্টল চাউল হেৰাল গুদামৰ পৰা

বিশ্বনাথ,26 আগষ্ট: ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা । এইবাৰ এনে ঘটনা পোহৰলৈ আহিছে বিশ্বনাথৰ পাভৈস্থিত ১ নং সাকোমঠা সমবায় সমিতিত ৷ জানিব পৰা মতে ১ নং সাকোমঠা সমবায় সমিতিৰ সম্পাদক মহেশ্বৰ ভূঞাই চাউল হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰিছে সুলভ মূল্যৰ এজেন্টে ৷ এক বা দুই কুইন্টল নহয় প্ৰায় 700 কুইন্টল চাউল হৰলুকীৰ অভিযোগ উঠিছে মহেশ্বৰ ভূঞাৰ বিৰুদ্ধে ৷

উল্লেখ্য যে বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিৰ সম্পাদকগৰাকীয়ে সমবায়ৰ গুদামৰ পৰাই এই বৃহৎ পৰিমাণৰ চাউল হৰলুকি কৰাৰ অভিযোগ ৷ যাৰ বাবে সমবায় সমিতিখনৰ অন্তৰ্গত বহুকেইজন সুলভ মূল্যৰ এজেন্টে আগষ্ট মাহৰ চৰকাৰী চাউল লাভ কৰা নাই । ফলত হিতাধিকাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে এজেণ্টসকলে চাউল বিচাৰি সমবায়লৈ অহাত দুৰ্নীতিগ্ৰস্ত সম্পাদক মহেশ্বৰ ভূঞাই এজেন্ট সকলৰ চাউল দিব নোৱাৰি বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজন আৰু অংগনবাড়ী কেন্দ্ৰৰ চাউল বহু এজেন্টক প্ৰদান কৰে ৷

মহেশ্বৰ ভূঞাই প্ৰায় ১৬ গৰাকী সুলভ মূল্যৰ এজেন্টক প্ৰদান কৰিব নোৱাৰিলে চৰকাৰী চাউল । সমবায়খনৰ সম্পাদকজনে এফালে কণ কণ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰিলে মধ্যাহ্ন ভোজনৰ পৰা ৷ আনফালে দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰিলে চৰকাৰী চাউল লাভৰ পৰা । যাৰ পৰিপ্ৰেক্ষিত বঞ্চিত সুলভ মূল্যৰ এজেন্ট সকলে বিশ্বনাথ খাদ্য আৰু অসামৰিক যোগান বিভাগক অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিতে ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্তৰ আৰম্ভ কৰে ৷

উল্লেখ্য যে, ২৫ আগষ্টত উক্ত সমবায়ত উপস্থিত হয় দণ্ডাধীশ বিচিত্ৰা দাস সহ খাদ্য উপ-পৰিদৰ্শকৰ দল । কিন্তু দণ্ডাধীশে বহুবাৰ সম্পাদক মহেশ্বৰ ভূঞালৈ ফোন কৰে যদিও তেওঁ উপস্থিত নহ’ল সমবায় কেন্দ্ৰত । ফলত দণ্ডাধীশে তলা ভাঙি প্ৰৱেশ কৰে সমবায়ৰ গুদামত । কিন্তু গুদামত মজুত নাছিল উপযুক্ত পৰিমাণৰ চাউল । মাত্ৰ ২০ বেগ মানহে গুদামত চাউল প্ৰত্যক্ষ কৰে অভিযানকাৰী দলটোৱে । ইফলে সমবায়খনৰ সভাপতিয়ে এই ক্ষেত্ৰত এক উচিত তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাই । উল্লেখ্য যে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিচতে আত্মগোপন কৰিছে সম্পাদক মহেশ্বৰ ভূঞাই ।

লগতে পঢ়ক :Panchayat Election in Assam : পঞ্চায়তৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.