বিশ্বনাথ,18 মাৰ্চ: বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিশ্বনাথ সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সোণোৱালে ৷
নিৰ্বাচনী ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘‘বিগত 5 বছৰত আপোনালোকৰ বিধায়ক গৰাকীয়ে যথেষ্ট ভাল কাম কৰিছে ৷ সেয়ে বিধায়ক গৰাকীৰ প্ৰতি আপোনালোকৰ যে মৰম আছে আজি আপোনালোকৰ সহযোগিতাই প্ৰমাণ কৰি দেখুৱালে ৷ প্ৰমোদ বৰঠাকুৰৰ এক নিজা ব্যক্তিত্ব আছে ৷ বিজেপি চৰকাৰ অহাৰ পৰা সন্ত্ৰাসবাদৰ সমস্যা নোহোৱা হ’ল । বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধায়ক হিচাপে প্ৰথম কাৰ্যকাল । প্ৰথম কাৰ্যকালত বিধায়ক হিচাপে তেওঁৰো কিবা ভুল হ’ব পাৰে । এই ভুলখিনি এইবাৰ শুদ্ধ কৰি ৰাইজৰ কাম যাতে কৰিব পাৰো আৰু উন্নয়নৰ যাত্ৰাৰ ধাৰা অব্যাহত ৰাখিব পাৰো তাৰ বাবে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰক’’ ।
ইয়াৰ লগতে, বিধায়ক প্ৰমোদ বৰঠাকুৰক 50 হাজাৰ ভোটত জিকাবৰ বাবে ৰাইজক আহ্বান জনাই 2 মে’ত ঘোষিত নিৰ্বাচনৰ ফলাফলত চৰকাৰ গঠনত সহায় কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ডাঃ ৰঞ্জন গগৈয়ে আঁত ধৰা সভাত উপস্থিত থাকে 9 নং তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, প্ৰদেশ বিজেপিৰ উপ সভাপতি জয়ন্ত দাস, ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি দিগন্ত ঘাটোৱাৰ, বিজেপি নেতা পংকজ বৰা, প্ৰাক্তন জিলা সভাপতি পৰেশ বৰকাকতিকে ধৰি ভাৰতী জনতা পাৰ্টীৰ বহু শীৰ্ষ নেতৃত্বৰ লগতে বহু নেতা কৰ্মী ৷
লগতে পঢ়ক : মাহমৰাত প্ৰাক্তন আছু নেতাৰ বিজেপিত যোগদান