বিশ্বনাথ,৬ জুন: কৰ'ণা কালৰ মাজতে অসমৰ ৰাইজৰ বাবে আন এক চিন্তাৰ কাৰণ হ'ল বানপানী । বাৰিষা অহাৰ লগে লগে এতিয়া চিন্তিত নৈপৰীয়া ৰাইজ । ৰাজ্যখনৰ নদীসমূহেও কাল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে ।
ইয়াৰ মাজতে হঠাৎ অহা বৰষুণৰ ফলত শনিবাৰে হাহাকাৰ পৰিৱেশ সৃষ্টি হয় গহপুৰত । কিয়নো গহপুৰত পুনৰ চত্ৰং নদীয়ে লৈছে ভয়ংকৰ ৰূপ । যাৰ পৰিণতিত চত্ৰং নদীৰ মথাউৰি ভাঙি প্লাবিত হ'ল বিস্তীৰ্ণ অঞ্চল । মথাউৰিৰ অংশটো ভাঙি যোৱাত বিস্তীৰ্ণ অঞ্চল পানীয়ে বুৰাই পেলোৱাৰ লগতে বাট পথ ছিগি যাতায়ত ব্যাহত হোৱা দেখা গ'ল ।
ইয়াৰ পিছতে এতিয়া ক্ষোভিত হৈছে ৰাইজ । দীৰ্ঘদিন ধৰি চত্ৰং নদীয়ে বানৰ সৃষ্টি কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । একপ্ৰকাৰ বান নিয়ন্ত্ৰণত ব্যৰ্থ জলসম্পদ বিভাগ (Water Resources) । বহু সময়ত উক্ত মথাউৰিটো নিৰ্মাণৰ দাবী কৰি আহিছিল যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব নিদিলে যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
ইফালে কিছুদিন পূৰ্বে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই চত্ৰং নদীৰ ভগ্নাংশ পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ আশ্বাস প্ৰদান কৰিছিল কিন্তু শনিবাৰে মথাউৰিটো ভাঙি যোৱাৰ ফলত এতিয়া পুনৰবাৰ ৰাইজে দাবী কৰিছে যাতে অতি শীঘ্ৰে ভাঙি যোৱা অংশ মেৰামতি কৰে ।
*LOCATION : গহপুৰ , বিশ্বনাথ BYTE : স্থানীয় মহিলা
.....CHANGE THUMBNAIL......
লগতে পঢ়ক:কৰিমগঞ্জত আপাতকালীন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ নম্বৰ মুকলি