বিশ্বনাথ,১৩ ফেব্ৰুৱাৰী: ৰাজ্যিক থাই বক্সিং প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ছাত্ৰীৰ সাফল্য অৰ্জন । ঢেকিয়াজুলিত দুদিনীয়া কাৰ্যসূচীৰে ১১-১২ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ভাৰতীয় স্কুল গেমছৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত থাই বক্সিং ক্ৰীড়াৰ সদৌ অসম ভিত্তিত থাই বক্সিং প্ৰতিযোগিতা ।
এই প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ছাত্ৰী ভূমিস্থা দাসে ১২ বছৰৰ তলৰ ২৮ কেজি গ্ৰুপত সুন্দৰ প্ৰদৰ্শনেৰে লাভ কৰে ৰূপৰ পদক । উল্লেখযোগ্য যে, বিগত সময়ত ৰাজ্যিক, ৰাষ্ট্ৰীয় টাইকোৱাণ্ডোত পদক অৰ্জন কৰা ভূমিস্থাৰ এই সফলতাই উৎফুল্লিত কৰিছে বিশ্বনাথবাসীক ।
লগতে পঢ়ক:অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ