ETV Bharat / state

Chal Jabo school programme : বিহালীত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা - আটছাৰ চল যাব স্কুল শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰা

চাহ বাগিছা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ পঠিওৱাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিহালী সমষ্টিৰ চাহ বাগিছাত চলিছে আটছাৰ "চল যাব স্কুল" শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰা(Chal Jabo School programme at Behali) ৷

chal-jabo-school-programme-at-behali-to-sent-kids-to-school-in-tea-garden-areas
বিহালীত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা
author img

By

Published : Dec 23, 2021, 9:46 PM IST

Updated : Jul 21, 2022, 2:55 PM IST

বিশ্বনাথ, 23 ডিচেম্বৰ : বিহালী সমষ্টিৰ বিভিন্ন চাহ বাগিছাত চলিছে "চল যাব স্কুল" শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰা (March of Awareness titled Chal Jabo School at Behali) ৷ সামন্তৰালভাৱে বিহালীত অব্যাহত আছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ 'আটছা'ৰ সজাগতা সমলদৰ কাৰ্যসূচী ।

জানিব পৰা মতে, বিগত কেইবাদিন ধৰি বিহালী সমষ্টিৰ অন্তৰ্গত অসম চাহ জনজাতি ছাত্ৰ সন্থা, বিহালী শাখা সমিতিৰ অধীনৰ প্ৰাৰ্থমিক গোট সমূহে বিহালীত "চল যাব স্কুল" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে (Chal Jabo School programme at Behali) । শেহতীয়াকৈ বুধবাৰে মোনাবাৰীত বিহালী শাখা আটছা,মোনাবাৰী প্ৰাৰ্থমিক গোটৰ উদ্যোগত " চল যাব স্কুল" কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

মোনাবাৰীত ৰূপায়ন কৰা এই কাৰ্যসূচীত সহযোগিতা কৰে আটছাৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সদস্য লৱ ভূঞা, মোনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক পবিত্ৰ বৰা, আটছাৰ বিহালী শাখা সম্পাদক বিমল লোহাৰে ৷ লগতে আটছাৰ উপ: সভাপতি ৰবিন তছা, মোনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক যোগেশ্বৰ টংলা , সুৰেশ ওজাকে ধৰি সংগঠনটোৰ বহু কেইজন সদস্যই উক্ত কাৰ্যসূচী ৰূপায়ণত সহযোগিতা কৰে ।

উল্লেখ্য যে, অসমৰ চাহ অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত অধিক হাৰত দেখা দিয়া এই সমস্যা দূৰ কৰিবৰ বাবে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সমূহে বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে সজাগতাৰ ব্যৱস্থা । এই সজাগতামূলক শোভাযাত্ৰাৰ জৰিয়তে চাহ বাগিছা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ পঠিয়াবলৈ অভিভাৱক সকলক আহ্বান জনাই ছাত্ৰ সংগঠনটোৰ নেতৃত্বই(Chal Jabo school programme at Behali to sent kids to school in Tea garden areas) ।

লগতে পঢ়ক: Christmas Preparation in Guwahati : পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক উছাহ

Last Updated : Jul 21, 2022, 2:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.