বিশ্বনাথ ২৫ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বে কেবাটাও উন্নয়নমূলক আঁচনিৰ কামৰ শুভাৰম্ভ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই । বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত কেবাটাও উন্নয়নমূলক আঁচনি কামৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী দত্তই বিহমাৰী গাওঁ পঞ্চায়ত আৰু বৰালিমৰা গাওঁ পঞ্চায়তত 'অসম দৰ্শন' আঁচনিৰ অধীনত মুঠ ৭ টা নামঘৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
লগতে বিধায়ক পুঁজিৰ ৪ লাখ টকাৰে বেদেতিত নিৰ্মাণ হ'বলগীয়া শ্মশান, ৩ লাখ টকাৰে বীৰ লাচিত প্ৰাথমিক বিদ্যালয় চৌহদত পকীবেৰ, ৬ লাখ ৫০ হাজাৰ টকাৰে বেদেতিত হাই মষ্ট চ'লাৰ ষ্ট্ৰীট লাইটৰ উপৰিও এইচ ডি এফ চি বেংকে আগবঢ়োৱা পুঁজিৰে বিহমাৰী প্ৰাথমিক বিদ্যালয় ও বিমলা প্ৰাথমিক বিদ্যালয় শ্ৰেণী কোঠা নিৰ্মাণ কাৰ্যৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী দত্তই ।
বৃহস্পতিবাৰৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত বিহালী বিজেপি মণ্ডলৰ সভাপতি লাচিত বৰা, নিজ বিহালী জিলা পৰিষদ সদস্যাকে ধৰি পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে ।
লগতে পঢ়ক: চিৰাঙত আছাৰ মটৰ ছাইকেল ৰেলী