বিশ্বনাথ, 9 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত 'কা' বিৰোধী প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰৰ বিশ্বনাথতো সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৰাইজৰ সহযোগত বিশ্বনাথত বাহিৰ কৰা হয় 'কা'ৰ বিৰুদ্ধে বিশাল জোৰ সমদল ৷
বিশ্বনাথ চহৰখনৰ মাজেৰে কেইবা শতাধিক আছু কৰ্মী,যুৱ ছাত্ৰ পৰিষদৰ সদস্য লগতে ৰাইজে হাতে হাতে জোৰ লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ । সৰ্বানন্দৰ কাম নাই, লেই লেই চেই চেই, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথবাসীয়ে৷ কেন্দ্ৰীয় চৰকাৰে বাহুবল প্ৰদৰ্শন কৰি যি জনবিৰোধী 'কা' আইন বলবৎ কৰিলে তাক কোনো কাৰণতেই গ্ৰহণ নকৰো বুলি হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সহকাৰী সম্পাদকগৰাকীয়ে ।
- লগতে চাওক- মোদীৰ ৬ বছৰত অসমে কি পালেঃ তৰুণ গগৈ