বিহালী,21 এপ্ৰিল: বিহালীত অঘটন ৷ বুৰৈ নৈত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি এজন 17 বছৰীয়া যুৱকৰ ৷ যুৱকজন বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহমাৰীৰ ভিম বাহাদুৰ বিশ্বকৰ্মাৰ পুত্ৰ দম্বৰু বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে ৷
স্থানীয় বন্ধুবৰ্গৰ সৈতে বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে যুৱকজনৰ ৷ জানিব পৰা অনুসৰি বুৰৈ নৈৰ 2নং কুৱেৰিত বালি আৰু শিলৰ মহলত খান্দি থোৱা দ' খাৱৈত পৰি যোৱাৰ ফলতেই সংঘটিত হয় এই ঘটনা ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা বাবে বিহালী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বিহালী আৰক্ষীয়ে ৷
লগতে পঢ়কঃ কলগাছিয়া ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত জালিয়াতিৰ অভিযোগ