ETV Bharat / state

Corruption in Panchayat : গহপুৰৰ পঞ্চায়তে পঞ্চায়তে চলিছে দুৰ্নীতি আৰু অনিয়ম

author img

By

Published : Apr 7, 2023, 11:36 AM IST

বিশ্বনাথ জিলাৰ গহপুৰৰ বিভিন্ন পঞ্চায়তত দুৰ্নীত আৰু অনিয়মৰ অভিযোগ উঠিছে (Corruption in Panchayat of Gohpur)। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত উৎকোচ ব্লকৰ কৰ্মচাৰীৰ । ঘৰ দিয়াৰ নামত এগৰাকী মহিলাৰ পৰা ল'লে ৬ হাজাৰ টকা । অভিযোগ দিয়াৰ পাচতো কোনো পদক্ষেপ লোৱা নাই খণ্ড উন্নয়ন বিষয়াই ।

Corruption in Panchayat of Gohpur
গহপুৰৰ পঞ্চায়তে পঞ্চায়তে চলিছে দুৰ্নীতি আৰু অনিয়ম

গহপুৰ, ৭ এপ্ৰিল : ক'ত গ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি । কিয়নো বিশ্বনাথৰ গহপুৰ সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীয়ে আৰম্ভ কৰিছে চৰকাৰী আচঁনি বিক্ৰীৰ এখন মুকলি বজাৰ । ধন নিদিলে দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী আচঁনি (Govt scheme scam)। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গহপুৰ সমষ্টিত চৰকাৰী আঁচনিৰ এখন মুকলি বজাৰ গঢ়ি তুলিছে খণ্ড উন্নয়ন বিষয়া (বিডিঅ) কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি গহপুৰ সমষ্টিৰ একাংশ গাঁও পঞ্চায়তত এতিয়া চৰকাৰী আঁচনি লাভৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ উৎকোচ লোৱাত ব্যস্ত হৈ পৰিছে একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰী । এই অভিযোগ গহপুৰ সমষ্টিৰ একাংশ ভুক্তভোগী দৰিদ্ৰ পৰিয়ালৰ । বিশেষকৈ সমষ্টিটোত থকা একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে যদি ব্যক্তিগত চৰকাৰী আঁচনি (IBS) পঞ্চায়তৰ পৰা বিচাৰি যায় তেন্তে হিতাধিকাৰীয়ে সেই আচঁনিৰ নামত দিব লাগিব ৫ৰ পৰা ৮ হাজাৰ টকা ।

তাৰ উপৰিও যদি প্ৰধানমন্ত্ৰী আবাস গৃহৰ (জিঅ' টেক) বা আবেদন কৰিবলৈ বিচাৰে তেন্তে ভৰিব লাগিব ২-৫ হাজাৰ টকা (PMAY scheme scam in Biswanath)। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ দৰিদ্ৰ মহিলালৈ আগবঢ়োৱা অৰুণোদয় আচঁনিৰ বাবেও ভৰিব লাগে ধন । একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এই আচঁনিবোৰৰ বাবে নিৰ্দিষ্ট মূল্য বান্ধি দিয়াৰ অভিযোগ উঠিছে । তেনে এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে গহপুৰ বিধানসভা সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম কলাবাৰী পঞ্চায়তত ।

পঞ্চায়তটোৰ এগৰাকী ভুক্তভোগী দৰিদ্ৰ মহিলাক ব্যক্তিগত হিতাধিকাৰী আঁচনি দিয়াৰ নামত পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডটোত কৰ্মত কৰ্মচাৰী বিশ্ব পেগুৱে ধন লোৱাৰ অভিযোগ উঠিছে । ভুক্তভোগী মহিলাগৰাকীৰ পৰা ৬ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ উঠিছে কৰ্মচাৰীজনৰ বিৰুদ্ধে (Block staff takes bribe in Gohpur)। পঞ্চায়ত কৰ্মচাৰী বিশ্ব পেগুয়ে বিভিন্ন প্ৰলোভনেৰে দুটা কিস্তিত এই উৎকোচ লোৱা বুলি উল্লেখ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ।

ইফালে এই সন্দৰ্ভত পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাণাদ্বীপ চুতীয়াক মহিলাগৰাকীয়ে পেগুৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাচতো কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে মহিলাগৰাকী । ইফালে মহিলাগৰাকীৰ এই অভিযোগ নস্যাৎ পঞ্চায়ত কৰ্মচাৰী বিশ্ব পেগুৰ । এই অভিযোগ সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰে বিশ্ব পেগুৱে ।

গহপুৰ সমষ্টিটোৰ পশ্চিম কলাবাৰী, ৰাওনা মুখ, টকৌবাৰী গাঁও পঞ্চায়ত আদি একাংশ পঞ্চায়তত প্ৰতিনিধিক চৰকাৰী আচঁনিৰ নামত যদি ঘোচ নিদিয়ে তেন্তে দৰিদ্ৰ ৰাইজৰ আৱণ্টিত চৰকাৰী আঁচনিৰ পৰা নাম পৰ্যন্ত কৰ্তন কৰাৰ লগতে চৰকাৰী আচঁনিৰ পৰা বঞ্চিত কৰাৰো অভিযোগ উঠিছে (Corruption in Panchayat of Gohpur)। অৱশ্যে এই ধৰণৰ দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ পাচতো কিয় প্ৰশাসন তথা বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াহে ডাঙৰ প্ৰশ্ন !

লগতে পঢ়ক :Pathetic road condition : সমস্যাৰে ভাৰাক্ৰান্ত আমগুৰিৰ ৰ'দঘাইটিঙৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.