ETV Bharat / state

Sootea News: নৱগঠিত নদুৱাৰ সমষ্টি দিয়া নহয় অগপক; পীযুষ হাজৰীকাৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:09 PM IST

নদুৱাৰ সমষ্টিত বিজেপিৰ পৰ্যালোচনা সভা ৷ উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা ৷ নদুৱাৰ সমষ্টি অৰ্থাৎ পূৰ্বৰ চতিয়া সমষ্টি পুনৰ বিজেপিয়ে দখল কৰিব দাবী মন্ত্ৰী হাজৰীকাৰ ৷

Sootea News
Sootea News
নদুৱাৰ সমষ্টিত বিজেপিৰ পৰ্যালোচনা সভা

চতিয়া ,১৬ ছেপ্টেম্বৰ: শনিবাৰে নৱগঠিত নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত শাসকীয় বিজেপি দলৰ এক পৰ্যালোচনা সভা ৷ পঞ্চায়ত আৰু পৌৰসভাৰ এই ৰাজহুৱা পৰ্যালোচনা সভাত সমষ্টিটোৰ কেইবাশতাধিক ৰাইজ উপস্থিত থাকে ৷ মূলতঃ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সাধাৰণ ৰাইজ চৰকাৰী আঁচনি আৰু চৰকাৰী সা-সুবিধাসমূহ পোৱাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে সেই সন্দৰ্ভত ৰাইজক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

শিক্ষক তথা বিজেপিৰ সক্ৰিয় কৰ্মী নিতুমণি বৰাই আঁতধৰা সভাখনিত বিজেপিৰ নদুৱাৰ মণ্ডলৰ সভাপতিৰ উপৰিও চতিয়া আৰু জামুগুৰি নগৰ কমিটিৰ পৌৰপতি দুগৰাকী উপস্থিত থাকে ৷ সমষ্টিটোৰ সকলো পঞ্চায়তৰ বিষয়ববীয়া উপস্থিত থকা সভাখনত শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৷

মন্ত্ৰীগৰাকীয়ে চৰকাৰী গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি তথা কাম-কাজৰ খতিয়াত উপস্থিত ৰাইজৰ আগত দাঙি ধৰাৰ লগতে লোকসভা নিৰ্বাচনত পুনৰ বিজেপি দলক বিজয়ী কৰাবলৈ আহ্বান জনায় ।

এই সভাতেই মন্ত্ৰী পীযুষ হাজৰীকাই বিগত কিছুদিন ধৰি অগপ দলৰ মুখপাত্ৰ পাৰ্থ প্ৰতীম বৰাই ৰাইজক বিভ্ৰান্ত কৰি অহা বিধানসভা নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ তেওঁ প্ৰাৰ্থী হ’ব বুলি চলাই থকা প্ৰচাৰক নস্যাৎ কৰি নদুৱাৰ তথা চতিয়াত পদ্ম হাজৰিকাই প্ৰাৰ্থী হ’ব বুলি উল্লেখ কৰে ৷ চতিয়া সমষ্টিটো বিজেপিৰ আছিল আৰু বিজেপিৰে হৈ থাকিব বুলি দাবী কৰে মন্ত্ৰী হাজৰীকাই ৷

লগতে এই সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাকো অৱগত কৰা হ’ব বুলি উল্লেখ কৰি বিজেপিৰ সমষ্টিত মিত্ৰদল অগপক সহায় কৰিবলৈ আহ্বান জনায় ৷ ইফালে সভাত বিধায়ক পদ্ম হাজৰিকাই অহা 2024 লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকীয়ে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ পৰা একলাখৰো অধিক ভোট লাভ কৰিব বুলি দাবী কৰে ৷

লগতে পঢ়ক: Bharat Narah: ভূমি কেলেংকাৰী; বিধায়ক মানৱ ডেকাৰ অভিযোগ খণ্ডন কৰি প্ৰত্যুত্তৰ বিধায়ক ভৰত নৰহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.