বিশ্বনাথ,10 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত ৷ গাদী দখলৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰত্যেক ৰাজনৈতিক দল ৷ পিছ পৰি ৰোৱা নাই 77 নং বিহালী বিধানসভা সমষ্টিৰ বাবে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত ৷ বুধবাৰে সন্ধিয়া সমষ্টিটোত বিজেপিৰ এক পদযাত্ৰাৰ পৰা ইয়াৰে প্ৰমাণ পোৱা গ'ল ৷
বুধবাৰে হাজাৰৰো অধিক বিজেপি কৰ্মীয়ে দত্তক লৈ বেদেতীৰ পৰা এক পদযাত্ৰা উলিয়ায় ৷ উক্ত পদযাত্ৰাত বিজেপি দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিত দত্তক লৈ সমৰ্থক সকলে 'বিজেপি জিন্দাবাদ', 'ৰঞ্জিত দত্ত জিন্দাবাদ', 'আকৌ এবাৰ মোডী চৰকাৰ', 'সৰ্বানন্দ সোণোৱাল জিন্দাবাদ' আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ জানিব পৰা মতে প্ৰায় পাঁচ কিল’মিটাৰ পথ পদযাত্ৰা কৰি মন্ত্ৰী দত্তই নিৰ্বাচনী প্ৰচাৰ চলায় ৷
অসমত এইবাৰো বিজেপিৰে চৰকাৰ হ'ব বুলি দাবী কৰি মন্ত্ৰী দত্তই এইবাৰ বিহালীবাসীয়ে তেওঁক 70 হাজাৰ ভোটত জয়ী কৰাই বিধায়ক হিচাপে ৰাজ্যসভালৈ পঠিয়াব বুলিও নিশ্চিত মন্তব্য প্ৰকাশ কৰে ৷