ETV Bharat / state

ৰঞ্জিত দত্তৰ প্ৰচাৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা - BJP central president J P Nadda

বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ উক্ত সভাত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অশোক ভট্টাৰায় আদি ৷

ৰঞ্জিত দত্তৰ প্ৰচাৰ সভাত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডা

author img

By

Published : Mar 22, 2021, 10:40 PM IST

বিশ্বনাথ,২২ মাৰ্চ: বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই ৷ উক্ত সভাত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অশোক ভট্টাৰায় আদি ৷

এই নিৰ্বাচনী সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কাম আৰু আঁচনিসমূহ উল্লেখ কৰাৰ লগতে আন ৰাজনৈতিক দলসমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ কয়, তৰুণ গগৈয়ে কৈছিল হু ইজ বদৰুদ্দিন আৰু এতিয়া কংগ্ৰেছে কৈছে হি ইজ বদৰুদ্দিন । কংগ্ৰেছ দলে বিগত সময়ত অসম গৌৰৱ গঁড় নিধন কৰা কাৰ্য আৰম্ভ কৰিছিল আৰু এই কাৰ্য বিজেপি চৰকাৰে বন্ধ কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে নাড্ডাই ।

ৰঞ্জিত দত্তৰ প্ৰচাৰ সভাত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডা
ৰঞ্জিত দত্তৰ প্ৰচাৰ সভাত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা

"বিজেপি চৰকাৰে ৬ টা বছৰত ৫ খনকৈ দলং নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত উন্নয়ন সাধন কৰা হৈছে । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৫০ বছৰীয়া বড়ো আন্দোলনক সমাধান কৰি শান্তি প্ৰতিষ্ঠা কৰিছে । বড়ো লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে ১৫ শ কোটি টকা অনুদান কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে । দেশৰ প্ৰায় ১৬ লাখ কৃষকলৈ আৰ্থিক সাহায্য প্ৰদান কৰি কৃষকসকলক উপকৃত কৰিছে"- এই মন্তব্য প্ৰকাশ কৰে জে পি নাড্ডাই ৷

লগতে পঢ়ক: প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰ সৈতে কলিয়াবৰত প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.