ETV Bharat / state

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ মাছমৰীয়াৰ

author img

By

Published : Aug 16, 2020, 4:37 PM IST

বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ দাতিকাষৰীয়া অঞ্চল সমূহত মাছমৰীয়া সকলক নৈ , বিল ব্ৰহ্মপুত্ৰ নদীত প্ৰৱেশ নিষিদ্ধ কৰা লগতে মাছ মৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে বন বিভাগে ৷ ঘটনাক বিশ্বনাথ ঘাটৰ বন বিভাগৰ কাৰ্যালয় সন্মুখত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হৈছে ৷

biswanatha  protest aginest forest department
চোৰাং চিকাৰী আটক কৰাত ব্যৰ্থ বন বিভাগৰ ক্ষোভ প্ৰকাশ মাছমৰীয়া ওপৰত

বিশ্বনাথ,১৬ আগষ্টঃ চলিত বছৰটোতে দুটাকৈ গড় হত্যা কৰি, চোৰাং চিকাৰীয়ে খড়গ লৈ উদ্ধাও হৈছে ৷ তাৰ সমান্তৰালকৈ ৭ আগষ্টত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলিক কাৰ্যালয় অধিনত এটা প্ৰকাণ্ড গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰি খড়গ লৈ উদ্ধাও হোৱাৰ পিছতো কোনো এজন চোৰাং চিকাৰী আজি পৰ্যন্ত চিনাক্ত কৰি আটক কৰিবলৈ সক্ষম হোৱা নোহোৱা ঘটনাই বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কাৰ্যালয় বিষয়া সকলৰ দায়বদ্ধ বহি:প্ৰকাশ ঘটাইছে ।

ইফালে চোৰাং চিকাৰী চিনাক্ত আৰু আটক কৰিব নোৱাৰি বন বিভাগে এতিয়া ক্ষোভ উজাৰিছে সাধাৰণ মাছমৰীয়াৰ ওপৰত । শনিবাৰৰ পৰা বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ দাতিকাষৰীয়া অঞ্চল সমূহত মাছমৰীয়া সকলক নৈ , বিল ব্ৰহ্মপুত্ৰ নদীত প্ৰৱেশ নিষিদ্ধ কৰা লগতে মাছ মৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে বন বিভাগে ৷ ইপিনে সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি বিশ্বনাথ ঘাটৰ বন বিভাগৰ কাৰ্যালয় সন্মুখত এক উত্তেজিত পৰিবেশৰ সৃষ্টি হয় । শতাধিক মাছমৰীয়া পৰিয়ালে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

উল্লেখযোগ্য যে, বিশ্বনাথ বন সংমণ্ডলৰ বন বিষয়া মুকুট দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা হোৱাৰ পিছত তেজপুৰৰ কলিয়া ভোমোৰাৰ পৰা গহপুৰৰ ৰাওনামুখলৈকে ব্ৰহ্মপুত্ৰ নদীত মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰে ৷ কিন্তু মাছমৰীয়া সকলক অৱগত নকৰি মাছমৰীয়া সকলৰ নাও জব্দ কৰা লগতে মাছমৰীয়াক বন বিভাগৰ লোকে বিনা কাৰণত মাৰ-পিট কৰাৰ অভিযোগ উঠিছে ৷

ইপিনে বন বিভাগে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া বিশ্বনাথ জিলাৰ মাছ মৰীয়া সকলৰ লগতে বিভিন্ন দল সংগঠন ‌। অতি শীঘ্ৰে বন বিষয়া গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মাছমৰীয়া সকলৰ জীৱন-জীৱিকাক বৰ্তাই ৰখাত কোনোধৰণৰ অসুবিধা সৃষ্টি নহয় তাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাই মাছমৰীয়া সকলৰ লগতে বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়কঃ নিজ পিতৃ-মাতৃক মৰিয়াই হত্যা কৰিলে পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.