ETV Bharat / state

ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত বৰগাং চাহ বাগিছা

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাসে সপ্তম শ্ৰেণীৰ ছাত্ৰ মুকেশ মুণ্ডাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে ছাত্ৰজনৰ মৃত্যুৰ বাবে জগৰীয়া বৰগাং বাগিচা কৰ্তৃপক্ষক মৃতকৰ পৰিয়াললৈ ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ।

author img

By

Published : Nov 26, 2020, 11:24 AM IST

Biswanath tea garden student death case
ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত বৰগাং চাহ বাগিছা

বিশ্বনাথ, ২৬ নৱেম্বৰ: বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিছাত ২৩ নৱেম্বৰত স্কুললৈ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা গাড়ীৰ প‌ৰা পৰি কৰুণ মৃত্যুক আকোঁৱালি লোৱা মুকেশ মুণ্ডা নামৰ ছাত্ৰজনৰ শোকত বুধবাৰে বিয়লি বাগিছাৰ মজদুৰ ক্লাৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । প্ৰায় দুই শতাধিক লোকৰ উপস্থিত থকা সভাখনত বৰগাং চাহ বাগিছাৰ ৰঙাগড় স্বাস্থ্যকেন্দ্ৰত ছাত্ৰজনক তৎকালীনভাৱে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত বাগিছা কৰ্তৃপক্ষই গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে । প্ৰয়োজনীয় চিকিৎসা নোপোৱাৰ অভিযোগ তোলা হয় । দুৰ্ঘটনা ছাত্ৰজন প্ৰায় তিনি ঘন্টা সময় স্বাস্থ্যকেন্দ্ৰত পৰি থকাৰ পিছতহে বিশ্বনাথ চাৰিআলিলৈ লৈ যোৱা হয় আৰু আধা ৰাষ্টাতে ছাত্ৰগৰাকীৰ মৃত্যু হয় বুলি বাগিছাৰ চাহ শ্ৰমিকসকলে অভিযোগ কৰে ।

সভাত উত্থাপন হোৱা অভিযোগ অনুসৰি, তিনিটা ডিভিজনৰ বাগিছাখনত এখন বিকল এম্বুলেন্স গাড়ী আছে । আনহাতে বাগিছাৰ পৰা স্কুললৈ ছাত্ৰ ছাত্ৰীক অনা নিয়া কৰা বাছখনৰ দুৱাৰ খিৰিকীও ভঙা । দুৱাৰ খিৰিকি আৰু হেণ্ডিমেন নথকাৰ বাবেই ছাত্ৰজন গাড়ীৰ পৰা পৰি মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰে । সভাখনত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ ৰঙাগড়া চাহ বাগিছাৰ শাখা সমিতিৰ কৰ্মকৰ্তা, অসম চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তাৰ লগতে আদিবাসী ছাত্ৰ সন্থা, বিপ্লৱী যুৱ সন্থা, নিখিল ভাৰত ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি বাগিছাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে মুকেশ মুণ্ডাৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি ঘটনাৰ এক তদন্তৰ দাবী প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

অসম চাহ মজদুৰ সংঘৰ ৰঙাগড় চাহ বাগিছা শাখা সমিতিৰ সভাপতি ইন্দ্ৰ নাহেকীয়াই সভাপতিত্বত অনুষ্ঠিত সভাখনত বৰগাং চাহ বাগিছাৰ ৰঙাগড়া ডিভিজনত এখন এম্বুলেন্স গাড়ীৰ ব্যৱস্থা কৰা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী অনা নিয়া কৰাৰ বাবে নতুন সুৰক্ষাযুক্ত গাড়ী প্ৰদান কৰা আৰু মুকেশ মুণ্ডাৰ মৃত্যুৰ বাবে বাগিছা কৰ্তৃপক্ষক ক্ষতিপূৰণ দিবলৈ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয় । অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাসে সপ্তম শ্ৰেণীৰ ছাত্ৰ মুকেশ মুণ্ডাত শোক প্ৰকাশ কৰাৰ লগতে মৃত্যুৰ বাবে জগৰীয়া বৰগাং বাগিচা কৰ্তৃপক্ষক মৃতকৰ পৰিয়াললৈ ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ।

লগতে পঢ়ক: ইউপিপিএলক শৰণীয়া কছাৰী জনগোষ্ঠীৰ মুকলি সমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.