বিশ্বনাথ ৩০ মে’: সোমবাৰে কুখ্যাত গঁড় চিকাৰী জাকিৰ আলিৰ এনকাউন্টাৰ সন্দৰ্ভত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন আৰক্ষী অধীক্ষক নবীন সিঙৰ ( Press conference on Encounter at Biswanath) । সোমবাৰে নিশা প্ৰায় 2 বজাত লুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ নিয়াৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল জাকিৰ নামৰ চোৰাংচিকাৰীটোৱে ৷ ইয়াৰ পাছতে আৰক্ষীয়ে চোৰাং চিকাৰীটোলৈ লক্ষ্য কৰি গুলীচালনা কৰাত (Encounter at Biswanath) ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় ৷
এই ঘটনা সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ক’লে, "কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল । গঁড় হত্যাৰ এই ঘটনাৰ লগত জড়িত অপৰাধীক বিচাৰি আৰক্ষীয়ে যোৱা সময়চোৱাত অভিযান চলাই অহাৰ মাজতে অৱশেষত নগাঁৱৰ জুৰীয়াৰ পৰা গঁড় হত্যাৰ ঘটনাটোৰ লগত জড়িত জাকিৰ আলি ওৰফে জাগিৰ আলিক আটক কৰিছিল ।
ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে অভিযুক্ত জাগিৰে গঁড় হত্যা ঘটনাটোত ব্যৱহৃত অস্ত্ৰ ডিমাপুৰৰ পৰা ক্ৰয় কৰা বুলি স্বীকাৰ কৰাৰ লগতে সেই অস্ত্ৰ লুকুৱাই থৈছিল বিশ্বনাথৰ ছোৱাগুৰী অঞ্চলত । সোমবাৰে নিশা প্ৰায় 2 বজাত লুকুৱাই ৰখা অস্ত্ৰ আৰক্ষীক দেখুৱাবলৈ নিছিল ৷ কিন্তু ইয়াৰ মাজতে হঠাৎ কনিষ্টবল ইছমাইল আলিক আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে জাকিৰ আলিয়ে ৷ তেতিয়াই আৰক্ষীয়ে চোৰাং চিকাৰী জাগিৰক লক্ষ্য কৰি গুলীচালনা কৰাত ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় (Poachers injured in Biswanath police firing) বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ৷
তাৰ পিছতে বিশ্বনাথ জিলা আৰক্ষীয়ে জাগিৰক প্ৰাথমিক চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । আৰক্ষীয়ে জানিব দিয়া মতে, কুখ্যাত গঁড় চিকাৰী নালকোৰ সহযোগী আছিল জাগিৰ । পূৰ্বেও গঁড় চিকাৰৰ গোচৰত অভিযোগত জেলত থাকি আহিছিল গঁড় চিকাৰী জাগিৰ ।
জাগিৰৰ ঘৰ বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ভোজমাৰিত আছিল যদিও পৰৱৰ্তী সময়ত নাগালেণ্ড,মৌৰাবাৰী আৰু শেহতীয়াকৈ নগাঁৱৰ জুৰীয়াৰ পৰা বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জাগিৰক গ্ৰেপ্তাৰ কৰি বিশ্বনাথলৈ লৈ আনিছিল ।
লগতে পঢ়ক : Encounter at Biswanath : বিশ্বনাথ আৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰী