বিশ্বনাথ ৮ অক্টোবৰ : ২৮ ফেব্ৰুৱাৰীত গহপুৰ ৰজাবাৰীৰ ১ নং চকলা গাঁৱৰ জানমণি কোটোম নামৰ নাবালিকা এগৰাকীক ৯ জন দুষ্কৃতিকাৰীয়ে দলৱদ্ধভাবে ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ এই দুষ্কৃতিকাৰী কেইজনক ফাঁচী দিয়াৰ দাবীত বৃহস্পতিবাৰে বিশ্বনাথ মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যলয়ৰ সন্মুখত বিভিন্ন দল সংগঠনে সাব্য়স্ত কৰে প্ৰতিবাদ।
![বিশ্বনাথত দলৱদ্ধ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9098183_image_jkj.jpg)
ইয়াৰ পাচতেই ভুক্তভোগী পৰিয়ালে পুনৰ গহপুৰ আৰক্ষী থানাত এই দুস্কৃতিকাৰীৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতেই গহপুৰ আৰক্ষীয়ে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই অহা দুস্কৃতিকাৰী 5 জনক আটক কৰি বিশ্বনাথ মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়লৈ নিওতেই বিশ্বনাথৰ ন্যায়িক আদালতৰ সন্মুখত ভুক্তভোগীৰ পৰিয়াল সহ বিভিন্ন জাতীয় দল সংগঠনে এই অভিযুক্ত কেইজনক ফাঁচী দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক :মাধৱদেৱে নিজহাতে ৰোপণ কৰা ৰঙিয়াল ফুলৰ বিষয়ে জানেনে ?