ETV Bharat / state

অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় চলাই বিপদত পৰিল ডমিন'জ আৰু কে এফ চি - বিপদত পৰিল ডমিন'জ আৰু কে এফ চি

প্ৰশাসনৰ অভিযান চলিল একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ আইন অমান্য কৰি ব্যৱসায় চলাই নিয়াৰ অভিযোগত অস্থায়ীভাৱে তলা ওলমোৱা হ’ল ‘ডমিন'জ’ আৰু ‘কে এফ চি’ নামৰ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক প্ৰতিষ্ঠানত (Administration seals Domino's and KFC)৷

Administration seals Domino's and KFC
অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় চলাই বিপদত পৰিল ডমিন'জ আৰু কে এফ চি
author img

By

Published : May 4, 2022, 10:47 PM IST

বিশ্বনাথ, ৪ মে’: বিশ্বনাথ চাৰিআলি পৌৰ সভা(Biswanath Chariali Municipal Board ) গঠন হোৱাৰ পাছতে বুধবাৰে অভিযান চলিল একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ, কাৰ্যবাহী বিষয়া দেৱাশীষ গোস্বামীসহ পৌৰসভাৰ সকলো ৱাৰ্ড সদস্যৰ লগতে সহিতে বিশ্বনাথ নগৰত অভিযান চলাই অস্থায়ীভাৱে চীল কৰিলে বিশ্বনাথ নগৰৰ ‘ডমিন'জ’ আৰু ‘কে এফ চি’ নামৰ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক প্ৰতিষ্ঠান (Administration seals Domino's and KFC)।

ডমিন'জ নামৰ প্ৰতিষ্ঠানখনে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৰা কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অথবা ট্ৰেড লাইছেঞ্চ গ্ৰহণ নকৰাকৈ চলাই আহিছিল ব্যৱসায়ী । ইফালে ‘কে এফ চি’ নামৰ ব্যবসায়িক প্ৰতিষ্ঠানখনেও দীৰ্ঘদিন ধৰি বিশ্বনাথ নগৰত ব্যৱসায়ী চলাই আহিছিল যদিও নিজা ববীয়াকৈ প্ৰতিষ্ঠানখনত নাছিল কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা । পৌৰসভাই উক্ত প্ৰতিষ্ঠানখনৰ নিজা ববীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ সময় সীমা বান্ধি দিছিল যদিও প্ৰতিষ্ঠানখনে সেই সময়সীমাৰ ভিতৰত গ্ৰহণ নকৰিলে ব্যৱস্থা ।

ফলত বুধবাৰে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ অভিযানকাৰী দলটোৱে এই ব্যৱসায় প্ৰতিষ্ঠান দুখন অস্থায়ীভাৱে চীল কৰি আইন নমনা ব্যৱসায়ীৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ প্ৰথম অভিযান বুলি মন্তব্য কৰে ৷

বিশ্বনাথ নগৰত প্ৰতি দিনে বৃদ্ধি হোৱা যান-যঁটৰ সমস্যা সমাধান কৰাৰ বাবে বিশ্বনাথ চাৰিআলি পৌৰ সভাই এই অভিযান চলাইছে বুলিও মন্তব্য কৰে পৌৰপতি গৰাকীয়ে । বিশ্বনাথত কেৱল এই দুইখন ব্যৱসায়িক প্ৰতিষ্ঠানেই নহয়, এনে বহু ব্যৱসায়িক প্ৰতিষ্ঠানে নীতি বহিৰ্ভূতভাৱে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক: শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.