বিশ্বনাথ,3জুলাইঃ যি সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দিলে তেনে সময়তে এতিয়া অসমৰ অধিকাংশ জিলাই জলমগ্ন । অসমৰ আন আন ঠাইৰ লগতে বিশ্বনাথতো বানৰ সমস্যাই ৰাইজক শংকিত কৰি তুলিছে । বুধবাৰে ধাৰাষাৰ বৰষুণৰ ফলত হঠাৎ অৰুণাচলৰ পৰা নামি অহা পানীয়ে জলমগ্ন কৰি তুলে পাভৈৰ বিস্তৃৰ্ণ অঞ্চল ৷ যাৰ ফলত দুশটাকৈ পৰিয়াল বৰ্তমান বাঢ়নী পানীৰ কবলত ৷ পাভৈ পাঁচআলিৰ পৰা পাভৈ চাহ বাগিছালৈ যোৱা সম্পূৰ্ণ পথটো আনকি সম্পূৰ্ণ ৰূপে পানীৰ তলত ৷ ইপিনে সাংসদ পল্লব লোচন দাসৰ ঘৰলৈ যোৱা পথত একাঁঠু পানী ৷ কিন্তু বৰ্তমানলৈকে জিলা প্ৰশাসনৰ কোনে বিষয়া বান পীড়িত সকলৰ কাষত উপস্থিত নোহোৱাত ক্ষুন্ন হৈ পৰিছে স্থানীয় ৰাইজ ।
জলমগ্ন বিশ্বনাথৰ পাভৈ, সাংসদৰ ঘৰৰ পদুলিত একাঁঠু পানী - assam
বিশ্বনাথত বানৰ সংহাৰী ৰূপ ৷ বানপানীত ঘৰ-দুৱাৰ লগতে খেতিপথাৰো জলমগ্ন ৷ ঘগৰা নদীৰ পানীয়ে বুৰালে পাভৈৰ বীস্তৃৰ্ণ অঞ্চল ৷
বিশ্বনাথ,3জুলাইঃ যি সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দিলে তেনে সময়তে এতিয়া অসমৰ অধিকাংশ জিলাই জলমগ্ন । অসমৰ আন আন ঠাইৰ লগতে বিশ্বনাথতো বানৰ সমস্যাই ৰাইজক শংকিত কৰি তুলিছে । বুধবাৰে ধাৰাষাৰ বৰষুণৰ ফলত হঠাৎ অৰুণাচলৰ পৰা নামি অহা পানীয়ে জলমগ্ন কৰি তুলে পাভৈৰ বিস্তৃৰ্ণ অঞ্চল ৷ যাৰ ফলত দুশটাকৈ পৰিয়াল বৰ্তমান বাঢ়নী পানীৰ কবলত ৷ পাভৈ পাঁচআলিৰ পৰা পাভৈ চাহ বাগিছালৈ যোৱা সম্পূৰ্ণ পথটো আনকি সম্পূৰ্ণ ৰূপে পানীৰ তলত ৷ ইপিনে সাংসদ পল্লব লোচন দাসৰ ঘৰলৈ যোৱা পথত একাঁঠু পানী ৷ কিন্তু বৰ্তমানলৈকে জিলা প্ৰশাসনৰ কোনে বিষয়া বান পীড়িত সকলৰ কাষত উপস্থিত নোহোৱাত ক্ষুন্ন হৈ পৰিছে স্থানীয় ৰাইজ ।
Body:বিশ্বনাথত বানপানীConclusion:as_biswanath_802_3_july_breaking_banpani_vis+byte_scrpt_as10018
বিশ্বনাথৰ পাভৈত জলমগ্ন
ঘৰ দুৱাৰ ডুবাৰ লগতে খেতিপথাৰো জলমগ্ন
যি সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যাৰ হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দিলে তেনে সময়তে
এতিয়া অসমৰ অধিকাংশ জিলাই জলমগ্ন । অসমৰ আন আন ঠাই লগতে বিশ্বনাথ তো বানপানী সমস্যাই ৰাইজক শংকিত কৰি তুলিছে ।
আজি ধাৰাষাৰ বৰষুণৰ ফলত হঠাৎ
অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা পানীয়ে বিশ্বনাথ জিলা পাভৈৰ ঘগৰা নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰে।
ঘগৰা নদীৰ পানীয়ে বুৰাই পেলালে পাভৈৰ বিস্তৃৰ্ণ অঞ্চল ৷ দুশটাকৈ পৰিয়াল পৰিছে বাঢ়নি পানীৰ কবলত ৷
৮ খনকৈ গাও পানীৰ তলত ৷ পাভৈ পাঁচআলিৰ পৰা পাভৈ চাহ বাগিছালৈ যোৱা পথটো বুৰিল সম্পূৰ্ণভাৱে ৷
পাভৈ বালিচাং সংযোগী পথটোও বুৰালে বাঢ়নি পানীয়ে ৷
সাংসদ পল্লব লোচন দাসৰ ঘৰলৈ যোৱা পথ পানীৰ তলত ৷
বুৰাই পেলালে হাতীশাল, কুৰ্মী বস্তি, ৰঙামাটী, ৰঙামুৰী, বামুনি পথাৰ, মিছামাৰী, মৰৱবস্তি, কাৰ্বি চুবুৰী আদি গাও।
ইফালে এতিয়া পথ বন্ধ হৈ পৰিছে গাৱঁকেইখনৰ ।আনহাতে বৰ্তমান সময়লৈকে জিলা প্ৰশাসনৰ কোনে বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱাত ক্ষন্ন হৈ পৰিছে ।
ইফালে গাঁৱৰ দোকান বজাৰ ৰাস্তা বন্ধ হৈ পৰাত খাদ্য নাটনিয়ে দেখা দিছে ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম