ETV Bharat / state

Assam electoral roll 2023: বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

author img

By

Published : Jan 28, 2023, 7:01 AM IST

বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ (Biswanath District Final voter list released) ৷ সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াই ঘোষণা কৰে এই কথা ৷ বিশ্বনাথ বিধানসভা সমষ্টিত ১৭০৩৯০ গৰাকী (Bishwanath Assembly Constituency) আৰু বিহালী বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হ’ল ১২৯১৯৭ গৰাকী (Bihali Assembly Constituency) ৷

Biswanath District Final voter list released
বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিশ্বনাথ, 28 জানুৱাৰী : প্ৰকাশ হ’ল বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা (Biswanath District Final voter list released) ৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত ৭৬ নং বিশ্বনাথ আৰু ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা শুকুৰবাৰে প্ৰকাশ কৰা হয় (Bihali Assembly Constituency)। বিশ্বনাথৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত শুকুৰবাৰৰ বিয়লি অনুষ্ঠিত হোৱা এক সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মুণিন্দ্ৰ নাথ ঙাটেই ১ জানুৱাৰী, ২০২৩ ক ভিত্তি বৰ্ষৰূপে লৈ বিশেষ সংক্ষিপ্ত সংশোধনীৰে প্ৰকাশ কৰে চূড়ান্ত ভোটাৰ তালিকাখন (Assam electoral roll 2023) ৷

শুকুৰবাৰে প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকাত জিলাখনৰ দুটা বিধানসভা সমষ্টিৰ ক্ৰমে বিশ্বনাথত ১,৭০,৩৯০ গৰাকী আৰু বিহালীত ১,২৯,১৯৭ গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে । ইয়াৰে বিশ্বনাথত পুৰুষ ভোটাৰৰ সংখ্যা ৮৪,৯৫৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৫,৪৩১ গৰাকী । সেইদৰে বিহালী বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ৬৫,০৭৪ আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৪,১২৩ গৰাকী । সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হ’ল ১৯৮ টা । একেদৰে বিহালী বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হ’ল ১৫৪ টা ।

১ জানুৱাৰী, ২০২৩ ক ভিত্তি বৰ্ষৰূপে লৈ প্ৰকাশ কৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী অনুসৰি বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ১৫৬৬ গৰাকী ভোটাৰ নতুনকৈ অন্তভূৰ্ক্ত কৰা হৈছে । মৃত্যু, প্ৰব্ৰজন আদি কাৰণত একেটা সমষ্টিতে মুঠ ১২৫৯ গৰাকী ভোটাৰৰ নাম কৰ্তনো কৰা হৈছে । সেইদৰে বিহালী বিধানসভা সমষ্টিত মুঠ ১২৬২ গৰাকী ভোটাৰৰ নাম নতুনকৈ সংযোগ হৈছে আৰু মৃত্যু, প্ৰব্ৰজন আদি কাৰণত একেটা সমষ্টিতে মুঠ ৭৮৭ গৰাকী ভোটাৰৰ নাম কৰ্তনো কৰা হৈছে বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ৯ নৱেম্বৰৰ দিনা বিশ্বনাথ নিৰ্বাচনী জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল ।

বিশ্বনাথৰ নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামী, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সৃষ্টি কলিতা উপস্থিত থকা এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মুণিন্দ্ৰ নাথ ঙাটেই জানিবলৈ দিয়া মতে, ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত বিশ্বনাথ সমষ্টিত ২০ গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ২০ গৰাকী বি এল অ’ চুপাৰভাইজাৰ আৰু ১৯৮ গৰাকী বি এল অক দায়িত্ব অৰ্পণ কৰা হৈছিল । একেদৰে বিহালী বিধান সভা সমষ্টিত ১৬ গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ১৬ গৰাকী বি এল অ’ চুপাৰভাইজাৰ আৰু ১৫৪ গৰাকী বি এল অক দায়িত্ব অৰ্পণ কৰা হৈছিল । পৰৱৰ্তী পৰ্যায়তো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে জিলাখনৰ ১৮ বছৰ তথা ইয়াৰ ওপৰৰ বয়সৰ সকলো যোগ্য ব্যক্তিয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে অথবা ভোটাৰ পৰ্টেল আদিৰ জৰিয়তে অনলাইন যোগেদিও আবেদন কৰিব পাৰিব বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে সংবাদমেলখনত প্ৰকাশ কৰে ।

লগতে পঢ়ক : Three Assamese awarded Padma Shri: বিশিষ্ট বয়ন শিল্পী মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.