ETV Bharat / state

চাহ বাগিচা কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশ বিশ্বনাথৰ উপায়ুক্তৰ

author img

By

Published : Jul 2, 2021, 12:19 PM IST

ক'ভিড-১৯ (COVID-19)ত আক্ৰান্ত শ্ৰমিকক সঠিক চিকিৎসা আগবঢ়াবলৈ চাহ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ । বিশ্বনাথ জিলাৰ চাহ বাগিচাসমূহত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে ।

Biswanath DC ordered tea garden owner to provide Covid treatment to workers
ক'ভিডত আক্ৰান্ত শ্ৰমিকক চিকিৎসা আগবঢ়াবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ বিশ্বনাথৰ উপায়ুক্তৰ

বিশ্বনাথ, ২ জুলাই : ৰাজ্যৰ অধিক সংক্ৰমণ হোৱা জিলাসমূহৰ ভিতৰত অন্যতম বিশ্বনাথ জিলা । জিলাখনত ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ হাৰ বাঢ়িয়েই আছে । বিশেষকৈ চাহ বাগিচাসমূহত অভাৱনীয় হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলাৰ উপায়ুক্ত (Biswanath DC) প্ৰণৱ কুমাৰ শৰ্মাই চাহ বাগিচাসমূহত থকা ক'ভিড কেয়াৰ কেন্দ্ৰ(COVID CARE CENTRE)ত চিকিৎসাধীন হৈ থকা ৰোগীক সঠিক চিকিৎসা সেৱা আগবঢ়াবলৈ বাগিচা কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ জাৰি কৰিছে । উপায়ুক্তৰ নিৰ্দেশ অৱমাননা কৰা লোকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকিয়াই দিয়া হৈছে ।

উপায়ুক্তই এখন পত্ৰৰ জৰিয়তে বাগিচা কৰ্তৃপক্ষক ক'ভিড কেয়াৰ কেন্দ্ৰত (Covid Care center) চিকিৎসাধীন ৰোগীক সঠিক চিকিৎসা সেৱা আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে । সম্প্ৰতি চাহ বাগিচা অঞ্চলত ৪৩ টা ক'ভিড কেয়াৰ কেন্দ্ৰত আছে আৰু ইয়াত প্ৰায় ১২০ জন ৰোগী চিকিৎসাধীন হৈ আছে । উপায়ুক্ত শৰ্মাই প্ৰকাশ কৰা মতে, চাহ বাগিচাসমূহত ক'ভিড পৰিস্থিতি উদ্বেগজনক । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ২৪ ঘণ্টাই যৎপৰোনাস্তি চেষ্টা চলাইছে ।

সেয়েহে ক'ভিড কেয়াৰ কেন্দ্ৰ আৰু চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষৰ কোনো ধৰণৰ অৱহেলা প্ৰশাসনে সহ্য নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । বাগিচা কৰ্তৃপক্ষ মহামাৰীত আক্ৰান্ত শ্ৰমিকক অৱহেলা কৰাৰ ঘটনা দৃষ্টিগোচৰ হ'লে প্ৰশাসন কঠোৰ হ'বলৈ বাধ্য হ'ব বুলি তেওঁ সকিয়নী দিয়ে ।

জিলা উপায়ুক্তই কাৰ্যবাহী দণ্ডাধীশসকলকো চাহ বাগিচা নিয়মিয়াভাৱে ভ্ৰমণ কৰি ক'ভিড কেয়াৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ লগতে ক'ভিড ৰোগীক আগবঢ়োৱা খাদ্য আৰু অন্যান্য সুবিধাবোৰৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে । ব্যাপক পৰীক্ষণ, ক'ভিড (Covid 19)ৰোগীৰ পৃথকীকৰণ আৰু চাহ বাগিচাবোৰৰ ১৮ বছৰৰ উৰ্দ্ধৰ লোকক প্ৰতিষেধক প্ৰদানকে ধৰি আদি বিষয়বোৰত প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে । আনহাতে, চাহ বাগিচাসমূহত টীকাকৰণ (vaccination) কাৰ্যসূচী তীব্ৰতৰ কৰি তোলা হৈছে ।

যোৱা ২১ জুনৰ পৰা দৈনিক ১২০০ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ক'ভিডত আক্ৰান্ত লোকসকলক শীঘ্ৰে পৃথকীকৰণ কৰাৰ উদ্দেশ্যৰে ক'ভিড পৰীক্ষণৰ সংখ্যাও বৃদ্ধি কৰা হৈছে আৰু নিতৌ ৬০০ জন লোকৰ পৰীক্ষা কৰোৱা হৈছে । বিশ্বনাথ জিলাৰ মুঠ জনসংখ্যাৰ প্ৰায় এক লাখ লোক চাহ বাগিচাৰ বাসিন্দা আৰু বৰ্তমানলৈকে ৩২ শতাংশক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:নগাঁৱত কি কলে অখিল গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.