ETV Bharat / state

বিশ্বনাথত ৩০তম পথ সুৰক্ষা সপ্তাহৰ বিশেষ প্ৰস্তুতি

author img

By

Published : Feb 2, 2019, 10:51 PM IST

শনিবাৰে পুৱা বিশ্বনাথৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত এই দিৱস উদযাপনৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰা হয়

বিশ্বনাথত ৩০তম পথ সুৰক্ষা সপ্তাহ

বিশ্বনাথ,২ ফেব্ৰুৱাৰীঃ শোণিতপুৰ পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ বিষয়াৰ উদ্যোগত অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ বিশ্বনাথত ৩০তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদযাপন কৰা হ'ব। শনিবাৰে পুৱা বিশ্বনাথৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত এই দিৱস উদযাপনৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰা হয়।

ETV BHARAT aSSAM
বিশ্বনাথত ৩০তম পথ সুৰক্ষা সপ্তাহ
undefined

উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ আৰু পাৰভেজ আমিনকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই বৈঠকত পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগ, যান-বাহন আৰক্ষী, বিভিন্ন যান-বাহন সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।

ETV BHARAT ASSAM
বিশ্বনাথত ৩০তম পথ সুৰক্ষা সপ্তাহ
"পথ সুৰক্ষাই জীৱন ৰক্ষা" এই মূলমন্ত্ৰ আগত লৈ যান-বাহন আইনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাই এই অনুষ্ঠানৰ উদ্দেশ্য়। উল্লেখযোগ্য যে ত্ৰিংশতিতম পথ সুৰক্ষা সপ্তাহ উপলক্ষে বিশ্বনাথৰ ঠায়ে ঠায়ে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Slug_A_BISWANATH_DC_OFFICE_2F_801_803_PHOTO_SCRPT_SRIMANTA

বিশ্বনাথত পথ সুৰক্ষা সপ্তাহ উদযাপনৰ প্ৰস্তুতিৰ  পৰ্যালোচনা 

_ শোণিতপুৰ জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ বিষয়া, শোণিতপুৰৰ উদ্যোগত অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ বিশ্বনাথ জিলাতো ৩০তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদযাপন কৰা হ'ব। আজি পুৱা বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত এই দিৱস উদযাপনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা হয়। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ আৰু পাৰভেজ আমিনকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই বৈঠকত পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগ, যান-বাহন আৰক্ষী, ইন্ধন ডিপোসমূহৰ সংস্থা, বিভিন্ন যান-বাহন সংস্থাৰ প্ৰতিনিধি আদি উপস্থিত থাকি পথ সুৰক্ষা সপ্তাহ উদযাপন সন্দৰ্ভত বিভিন্ন বিষয় খৰচি মাৰি আলোচনা কৰে। "পথ সুৰক্ষাই জীৱন ৰক্ষা" শ্লোগানেৰে উদযাপিত হ'বলগীয়া এই দিৱসৰ মূল উদ্দেশ্য হৈছে যান-বাহন আইনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আমাৰ বাট-পথসমূহক সুৰক্ষিত কৰি তোলা আৰু ৰাজ্যখনত সঘনাই সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰা। উল্লেখযোগ্য যে ত্ৰিংশতিতম পথ সুৰক্ষা সপ্তাহ উপলক্ষে বিশ্বনাথ জিলাতো বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দিৱসৰ তাৎপৰ্য অনুধাৱনেৰে  যান-বাহন আইন মানি চলি পথ সুৰক্ষা সুনিশ্চিতকৰণত সহায়ৰ হাত আগবঢ়াবলৈ জিলাখনৰ প্ৰতিগৰাকী চালক, পথচাৰীকে ধৰি সমূহ ৰাইজক উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে অনুৰোধ জনাইছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.