বিশ্বনাথ 18 এপ্ৰিল : সমগ্র দেশতে কৰ'ণাক লৈ সজাগতা অৱলম্বন কৰাৰ সময়তে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দেখা নগ’ল কোনো সতৰ্কতামূলক ব্যৱস্থা। আন আন কাৰ্যালয়সমূহৰ প্ৰৱেশ দুৱাৰৰ বাহিৰত চেনিটাইজাৰ ব্যৱহাৰ কৰিহে কাৰ্যালয়ত প্ৰৱেশ কৰাতো বাধ্যতামূলক কৰিছে ৷ কিন্তু তাৰ ব্যতিক্ৰমী পৰিৱেশ দেখা গ’ল বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত ।
কোভিড-19ক লৈ সজাগ হোৱা নাই বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়
বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত নাই চেনিটাইজাৰৰ ব্যৱস্থা ৷ কোভিড-19ক লৈ কোনো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল কাৰ্যালয় কৰ্তৃপক্ষই ৷ কোনো কৰ্মীয়ে ইচ্ছাকৃতভাৱে পানী আৰু চাবোন ব্যৱহাৰ কৰিছে যদিও অধিকাংশ লোকে সজাগতা অৱলম্বন কৰা নাই ৷