বিশ্বনাথ,১৬ নৱেম্বৰ : সমগ্র ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো সোমবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গহপুৰৰ সাংবাদিক সকলে কিছু ব্যতিক্ৰমী ৰূপত আয়োজন কৰে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি গহপুৰৰ কেইগৰাকী মান সাংবাদিকে বিগত বৰ্ষৰ পৰাই গ্ৰহণ কৰি আহিছে ব্যতিক্ৰমী পদক্ষেপ । পৰিৱেশ সংৰক্ষণৰ বাৰ্তাৰে গহপুৰৰ একাংশ সাংবাদিকে ২০১৯ চনৰ পৰাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত বৃক্ষৰোপনেৰে দিৱসটো পালন কৰি আহিছে । গহপুৰৰ ডুবিয়া বড়িগাঁৱৰ "আমাৰ বনানী" নামৰ প্ৰকৃতি সংগঠনৰ গছ বিহু বাকৰিত প্ৰেছ দিৱসৰ দিনটোত গছ পুলি ৰোপন কৰি ৰাইজক পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টা চলাই আহিছে সাংবাদিকৰ দলটোৱে ।
উল্লেখ্য যে, সাংবাদিক সকলে প্ৰেছ দিৱসৰ দিনটোত এইদৰে গছ পুলি ৰোপন কৰা কাৰ্যত বিশেষ ভাবে সহযোগিতা আগবঢ়াইছে প্ৰকৃতি সংগঠন 'আমাৰ বনানী'ৰ সঞ্চালক তথা বৃক্ষ মানৱ হিচাপে পৰিচিত বকুল গগৈৰ লগতে গহপুৰৰ সংবাদ কৰ্মী সকলে ।
অন্য এক খবৰৰ বাবে: কৰিমগঞ্জত পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস