ETV Bharat / state

বিহালীত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন - বিহালী বিভিন্ন ধৰ্মীয় অনুষ্ঠান

ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন ৷ চৌদিশে এতিয়া আধাৰশিলা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে মন্ত্ৰী-বিধায়ক ৷ তাৰ ব্যতিক্ৰম নহয় বিহালী সমষ্টি ৷ মন্ত্ৰী ৰঞ্জিত দত্তই মঙলবাৰে 15 খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিহালীত ৷

বিহালীত উন্নয়ন মূলক আঁচনিৰ আধাৰশিলা স্থাপন

author img

By

Published : Feb 24, 2021, 7:23 AM IST

বিশ্বনাথ,24 ফেব্ৰুৱাৰী: মঙলবাৰে বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই বিহালীৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় কৰে । তাৰ সমান্তৰালকৈ সমষ্টিটোত ১৫ খনকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে । তাৰ ভিতৰত অসম চৰকাৰৰ 'অসম দৰ্শন' ২০২০-২১ বৰ্ষৰ আঁচনিৰ অধীনত ২,৫০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সোদমশ্ৰী নাহৰবাৰী নামঘৰ, তিনিসুঁতিৰ ৰঙাজান নামঘৰ, নাহৰবাৰী(ক) নামঘৰ, নাহৰবাৰী(খ) নামঘৰ, গজেনপুৰ নামঘৰ আৰু তিনিসুঁতিৰ সোণাপুৰ নামঘৰ, গুটিবাৰী নামঘৰ, কালাহান্দি নামঘৰ, উৰিয়াবস্তিৰ নামঘৰ(ৱাৰ্ড নং ০৩), উৰিয়াবস্তি নামঘৰ, ন-পমুৱা নামঘৰ, ন-পমুৱা শিৱ মন্দিৰ, ক'লাপানী নামঘৰ আৰু পূৱ ন-পমুৱা নামঘৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী দত্তই ।

বিহালীত উন্নয়ন মূলক আঁচনিৰ আধাৰশিলা স্থাপন
বিহালীত উন্নয়ন মূলক আঁচনিৰ আধাৰশিলা স্থাপন

একেদৰে বিধায়ক সমষ্টি উন্নয়ন পুঁজিৰ অধীনত ৫,০০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া তিনিসুতিৰ কাস্ত প্ৰজাঘৰৰ সমীপত প্ৰজা ভৱন নিৰ্মাণ আৰু ৮,০০,০০০ টকা ব্যয় সাপেক্ষে বিৰিজানত কলাপানী নদীৰ ওপৰত আৰ চি চি চেল্ব নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে ।

লগতে পঢ়কঃ অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.