ETV Bharat / state

বাৰিষা আহিলেই তৎপৰ হৈ পৰা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল - তেজপুৰ জলসম্পদ বিভাগ

বিগত বৰ্ষত বুৰৈ নৈৰ খহনীয়াত জাহ গৈছিল লাল পুখুৰী অঞ্চলৰ বহু পৰিমাণৰ কৃষিভূমি ৷ জলসম্পদ বিভাগে উক্ত স্থানত জিঅ' বেগৰ সহায়ত খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল ৷ কিন্তু শেহতীয়াকৈ পুনৰ খহনীয়াৰ কবলত পৰিছে এইটো অঞ্চল ৷ বিগত বৰ্ষৰ দৰেই এইবাৰো বাৰিষাৰ সময়ত তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগ ৷

বাৰিষা আহিলেই তৎপৰ হৈ পৰা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল

author img

By

Published : Jul 11, 2020, 10:34 AM IST

বিশ্বনাথ, 11 জুলাই : বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ লাল পুখুৰী অঞ্চলত বুৰৈ নদীৰ খহনীয়া প্ৰতিৰোধত ব্যস্ত হৈ পৰিছে জলসম্পদ বিভাগৰ ঠিকাদাৰ তথা কৰ্মচাৰী আৰু শ্ৰমিক ৷ বিভাগে এইটো স্থানত খহনীয়া প্ৰতিৰোধৰ বাবে অহৰহ চেষ্টা চলাইছে । বিগত বৰ্ষত বুৰৈ নৈৰ খহনীয়াত জাহ গৈছিল লাল পুখুৰী অঞ্চলৰ বহুটো ভূমি ৷

খহনীয়াৰ কৱলত পৰা অঞ্চলটো
খহনীয়াৰ কৱলত পৰা অঞ্চলটো

জলসম্পদ বিভাগে উক্ত স্থানত জিঅ' বেগৰ সহায়ত খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিল ৷ কিন্তু শেহতীয়াকৈ পুনৰ খহনীয়াৰ কবলত পৰিছে এই অঞ্চল ৷ বিগত বৰ্ষৰ দৰেই এইবাৰো বাৰিষাৰ সময়ত তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগ ৷

বুৰৈ নৈত চলি থকা জিঅ' বেগৰ কাম
বুৰৈ নৈত চলি থকা জিঅ' বেগৰ কাম

খহনীয়াৰ ফলত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে লাল পুখুৰীলৈ যোৱা একমাত্ৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানি বিভাগৰ পথটো আৰু পকী দলংখন এতিয়া নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । এই বিষয়ে বহুবাৰ বিশ্বনাথ জলসম্পদ বিভাগক জনোৱা হৈছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল বিভাগ তথা জিলা প্ৰশাসনে ৷

জিঅ' বেগৰ কামত ব্যস্ত থকা শ্ৰমিক

পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তকো জনাইছিল স্থানীয় ৰাইজে ৷ শেহতীয়াকৈ জলসম্পদ বিভাগৰ ঠিকাদাৰ উদয় আদিত্য গোস্বামীয়ে অহৰহভাৱে খহনীয়া প্ৰতিৰোধ বাবে এইদৰে দিন-ৰাতি একাকাৰ কৰি খহনীয়া প্ৰতিৰোধত ব্যস্ত হৈ পৰিছে ৷

বুৰৈ নৈৰ খহনীয়াত জাহ যোৱা অঞ্চলটো

উদয় আদিত্য গোস্বামী নামৰ ঠিকাদাৰ গৰাকীয়ে যোৱা বছৰ যি জিঅ' বেগৰ কাম কৰিছিল সেই ধন আজিও লাভ নকৰা বুলি তেজপুৰ জলসম্পদ বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে । ধন লাভ নকৰিলেও মানৱতাৰ খাতিৰতে পুনৰ ঠিকাদাৰগৰাকীক এই খহনীয়া প্ৰতিৰোধৰ বাবে অনুৰোধ কৰাত পুনৰ ঠিকাদাৰগৰাকীয়ে খহনীয়া অংশত জিঅ' বেগৰ জৰিয়তে প্ৰতিৰোধৰ চেষ্টা কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ ভয়াৱহ পৰিস্থিতিৰ দিশে ডিব্ৰুগড় চহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.