বিশ্বনাথ, ১৭ জানুৱাৰী : বিশ্বনাথত ৰাজ্যৰ বিয়াগোম বন বিভাগৰ একাংশ বন বিষয়াই চক্ৰবেহু ৰচাৰ দৰে এটা বনৰীয়া ম‘হক হত্যা কৰা ঘটনাই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
যোৱা বৃহস্পতিবাৰে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকা অতিক্ৰম কৰি খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল এটা বনৰীয়া ম'হে । ম'হটোৱে বিশ্বনাথত ত্ৰাস সৃষ্টি কৰি ২৪ ঘন্টাত দুজনকৈ লোকক আক্ৰমণ কৰাত দুজন লোকৰ মৃত্যু হোৱা লগতে তিনি জন লোক আহত হৈছিল ।
লগতে পঢ়ক : বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ
এই ঘটনাৰ পাছতে শুকুৰবাৰে বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয় বন বিভাগৰ এটা দলে বনৰীয়া ম'হটোক বিশ্বনাথৰ ১নং আদাভেটিৰ এখন পথাৰত দেখি হত্যা কৰাৰ সিদ্ধান্ত লয় ৷ এফালে হাতত উদ্যত মাৰণাস্ত্ৰ লৈ বনকৰ্মী আৰু আনফালে হাতে হাতে দা কুঠাৰ লৈ যুদ্ধংদেহী মনোভাৱৰে একাংশ লোক। ম'হটো যাতে বেহুৰ পৰা ওলাই যাব নোৱাৰে তাৰ বাবে সষ্টম হৈ বনকৰ্মী সকলে কিছু সময় অপেক্ষা কৰি ম'হটোলৈ লক্ষ্য কৰি নিৰ্বিচাৰ ১৬ জাই গুলী চালনা কৰি ম'হটোক হত্যা কৰে ৷

উল্লেখ্য যে, বনকৰ্মী সকলে ম'হটোক ট্ৰেংকুলাইজ কৰাৰ পৰিৱৰ্তে বনৰীয়া প্ৰাণীটোক হত্যা কৰিবলৈ হে তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছিল । ম'হটো হত্যা নকৰি ট্ৰেংকুলাইজ কিয় কৰা নহ‘ল বুলি প্ৰশ্ন উত্থাপন কৰি এতিয়া বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে সামাজিক মাধ্যমযোগে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৷
খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া ম'হক বনাঞ্চললৈ খেদি পঠিয়াবলৈ ব্যৰ্থ হোৱা ৰাজ্যৰ বিয়াগোম বন বিভাগে এনেদৰে হত্যা কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী বিদ্যুৎ কুমাৰ ভূঞাই ৷ তেওঁ সামাজিক মাধ্যমত নিজৰ ক্ষোভ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক উক্ত ঘটনা উচিত তদন্ত দাবী জনায় ।
লগতে পঢ়ক : বিশ্বনাথত বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে দুজনৰ