বিশ্বনাথ, ১৩ জুনঃ লক ডাউনৰ সময়ছোৱাত শিল্পীসকলে বিভিন্ন প্ৰকাৰে নিজ নিজ প্ৰতিভা বিকাশ কৰা পৰিলক্ষিত হৈছে ৷ শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাইছে বহু আলোকচিত্ৰই । তাৰেই এক উৎকৃষ্ট নিদৰ্শন হৈছে বিশ্বনাথৰ বৰগাঙৰ বাবলী কাশ্যপ নামৰ ছাত্রীগৰাকী। বাবলীয়ে লক ডাউনৰ সময়ত অসম তথা ভাৰত বৰ্ষৰ কেবাজনো বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰৰ লগতে ৫০ টকীয়া নোট,২০০০ টকীয়া নোট,মোবাইল ফোন,বিভিন্ন খেলুৱৈৰ আলোক চিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে ৷
লগতে পঢ়কঃ কাইলৈ বাঘজানত উপস্থিত হ'ব পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান : মুখ্যমন্ত্ৰীৰ কাৰ্যালয়
বাবলীৰ পিতৃয়ে এখন ট্ৰেইলাৰ দোকানত কাম কৰি যেনে-তেনে পৰিয়ালটিৰ পোহপাল দি আহিছে ৷ বৰ্তমান স্নাতক মহলাত অধ্যয়নত অতি দৰিদ্ৰ পৰিয়ালৰ বাবলীয়ে হাত খৰচৰ পৰা টকা জমা কৰি ছবি অঁকাৰ সামগ্ৰী ক্ৰয় কৰে । অতি দৰিদ্ৰ পৰিয়ালৰ বাবলিয়ে ছবি আঁকি চৰ্চালৈ অহা লগতে বিভিন্ন দল সংগঠনৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।