ETV Bharat / state

ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন - ভোট গণনা প্ৰক্ৰিয়া

অহা ২ মে'ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা । ভোট গণনা প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ । বিশ্বনাথ সমষ্টিৰ বাবে ১৭টা আৰু বিহালী সমষ্টিৰ বাবে ১৩টা ৰাউণ্ডত সম্পন্ন কৰা হ'ব গণনাৰ কাম ।

ভোট গণনাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ

author img

By

Published : Apr 29, 2021, 8:23 PM IST

বিশ্বনাথ, ২৯ এপ্ৰিল : অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ভোট গণনা অহা ২ মে'ত অনুষ্ঠিত হ'ব । ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা মানি প্ৰতি খন জিলাতে প্ৰস্তুতি চলোৱা হৈছে । ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিশ্বনাথ জিলা প্ৰশাসনে । বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালী সমষ্টিৰ ভোট গণনাৰ কামত নিয়োজিত ৪৮ গৰাকী কাউণ্টিং ছুপাৰভাইজাৰ, ৪৮ গৰাকী কাউণ্টিং সহায়ক আৰু ৪৮ গৰাকী মাইক্ৰ' পৰ্যবেক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

বিশ্বনাথ জিলা প্ৰশাসনে জনোৱা মতে, ভোট গণনাৰ কাৰ্যালয়ত প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে এটা কক্ষত ৭ খনকৈ মেজ থাকিব । বিশ্বনাথ সমষ্টিৰ বাবে ১৭টা আৰু বিহালী সমষ্টিৰ বাবে ১৩টা ৰাউণ্ডত সম্পন্ন কৰা হ'ব গণনাৰ কাম । ভোট গণনাৰ সময়ছোৱাত সকলোৱে ক'ভিড প্ৰট'কল মানি চলিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে নিয়োজিত বিষয়াসকলৰ ক'ভিড পৰীক্ষা কৰোৱা হ'ব বুলিও জানিবলৈ দিছে জিলা প্ৰশাসনে ।

উল্লেখ্য যে, যোৱা ২৭ মাৰ্চত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিশ্বনাথ নিৰ্বাচনী জিলাত ৮৩.৮৮ শতাংশ ভোটাদান হৈছিল আৰু জিলাখনে সৰ্বাধিক ভোটদানৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থানত দখল কৰিছিল । অহা ২ মে'ত বিশ্বনাথ সমষ্টিৰ ৫ গৰাকী আৰু বিহালী সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা হ'ব । সমষ্টি দুটাত কোনে শেষ হাঁহি মাৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : ডিজিপি কাৰ্যালয়ৰ সমীপৰ এটিএমত লুটপাত দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.