বিশ্বনাথ,২০ জানুৱাৰী : ক'ভিডৰ সংক্ৰমণে ইতিমধ্যে ৰাজ্যত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে । দৈনিক আক্ৰান্তৰ সংখ্যা ৮০০০ অতিক্ৰম কৰাত এতিয়া সষ্টম হৈছে স্বাস্থ্য বিভাগ (Covid cases increased in Assam)। প্ৰতিখন জিলাৰে প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । বিশ্বনাথ জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ।
অসম চৰকাৰৰ ক'ভিড এছঅ'পি কঠোৰভাৱে বলবৎ কৰাত গুৰুত্ব দিছে জিলা প্ৰশাসনে । সমান্তৰালকৈ জিলাখনৰ বনভোজস্থলীসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে (Biswanath administration ordered closure of picnic spots)। বিশ্বনাথৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ দেব কুমাৰ মিশ্ৰই দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ৰ ধাৰা ৩৪ (চি), ৩৪ (এম)ৰ অধীনত জিলাখনৰ অন্তৰ্গত সকলোবোৰ বনভোজস্থলী ১৯ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।
উল্লেখ্য যে বনভোজস্থলীসমূহত জনসমাগম হোৱাৰ ফলত তাৰ পৰা ক'ভিডৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে । যাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে । এই নিৰ্দেশ উলংঘা কৰা যিকোনো ব্যক্তিক দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫, ভাৰতীয় দণ্ড বিধি আৰু অন্যান্য আইনী ব্যৱস্থা অনুসৰি জৰিমনা বিহা হ'ব পাৰে । পৰৱৰ্তী নিৰ্দেশ নোহোৱা পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলিও নিৰ্দেশটোত কোৱা হৈছে ।
লগতে পঢ়ক :Covid update in Assam : বুধবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত