ETV Bharat / state

বিশ্বনাথত দুটাকৈ অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা - বিশ্বনাথ প্ৰশাসন

ক’ভিড ব্যৱস্থাপনা আৰু ক’ভিড বিষয়ক তথ্যৰ বাবে বিশ্বনাথ প্ৰশাসনৰ উদ্যোগত নিয়ন্ত্ৰণ কক্ষ মুকলি ৷ ক’ভিড-19 সম্পৰ্কীয় তথ্যৰ বাবে ৰাইজক নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগৰ আহ্বান বিশ্বনাথ জিলা উপায়ুক্তৰ ৷

biswanath administration declared two area as containment zone
বিশ্বনাথত দুটাকৈ অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা
author img

By

Published : Apr 9, 2021, 10:42 PM IST

বিশ্বনাথ, 9 এপ্ৰিল: ৰাজ্যত ক’ভিড-19 ৰ সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে বাঢ়ি অহাৰ প্ৰতি লক্ষ্য কৰি বিশ্বনাথ জিলা প্ৰশাসনে ক’ভিড ব্যৱস্থাপনা আৰু ক’ভিড বিষয়ক তথ্যৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে । ইয়াৰ জৰিয়তে নাগৰিক সকলে ক’ভিড সম্পৰ্কীয় যিকোনো তথ্য, সহায়, অভিযোগ বা সঁহাৰিৰ বাবে ০৩৭১৫-২২০৮৬, ১০৭৭ (টোল ফ্ৰি) বা ৬০০২৬৬৮৮৭৩ (মোবাইল) নম্বৰত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগোযোগ কৰিব পাৰিব ।

ক'ভিড-19 ৰ সংক্ৰমণ যাতে আৰু অধিক বিয়পিব নোৱাৰে তাৰবাবে জিলা প্ৰশাসনে ইতিমধ্যে চিআৰপিচিৰ অধীনৰ ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ৰাজহুৱা স্থানসমূহত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰিছে । ইয়াৰ উপৰিও জিলা প্ৰশাসনে সকলো কাৰ্যালয়, শিক্ষানুস্থান আৰু ব্যৱসায়িক প্ৰতিস্থান সমূহত চেনিটাইজাৰ ৰখা, হাত ধোৱা আৰু উষ্ণতা জুখিব পৰা ব্যৱস্থা ৰখাটোও বাধ্যতামূলক কৰিছে ৷

শুকুৰবাৰে জিলাখনৰ বিহালী অঞ্চলত দুগৰাকী লোক ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পাছত জিলা প্ৰশাসনে অঞ্চল দুটা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে । জিলা উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এই পৰিপ্ৰেক্ষিতত কয় যে, "আমাৰ প্ৰথম আৰু প্ৰধান কাম হৈছে যিকোনো মূল্যৰ বিনিময়ত এই ৰোগ বিয়পাত বাধা দিয়া ৷ সেই উদ্দ্যেশ্যে আমাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আমাৰ ক’ভিড ব্যৱস্থাপনা কাৰ্যত সকলোৰে সহযোগিতা বিচাৰিছো আৰু সেয়েহে ফোন নম্বৰৰ সৈতে সপ্তাহৰ প্ৰতিটো মূহুৰ্ততেই যোগাযোগ কৰিব পৰাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ।"

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তিনিটা গঁড় পোৱালি মানাহলৈ স্থানান্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.