বিশ্বনাথ, 9 ডিচেম্বৰ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য পদৰ পৰা সোমবাৰে সমুহীয়াভাৱে পদত্যাগ কৰে পৰিষদৰ গহপুৰত জিলা সমিতিয়ে ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গ্ৰহণ কৰা স্থিতিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই সিদ্ধান্ত পৰিষদৰ গহপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ ৷ সোমবাৰে এক সংবাদমেলৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰি এই তথ্য সদৰি কৰে পৰিষদৰ পদত্যাগী সদস্যসকলে ৷
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিলৰ সমৰ্থনত শনিবাৰে মহানগৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এক সমদল বাহিৰ কৰিছিল ৷ কেবৰ বিৰোধীতাত ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে পৰিষদৰ এই সমদলক লৈ সৰ্বত্ৰ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ ইয়াৰ পাছতেই সোমবাৰে এক সংবাদমেল জৰিয়তে পৰিষদৰ বিষয়ববীয়াৰ পদৰ পৰা সমুহীয়াভাৱে পদত্যাগ কৰে গহপুৰ জিলা সমিতিয়ে । সমিতিয়ে জাতীয় নায়কৰ খিতাপ লাভ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাতো তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে অনাগত দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷