বিশ্বনাথ, ৪ মাৰ্চ: কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিশ্বনাথৰ ৭৭নং বিহালী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিবেক দাসে । বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিজেপি বিধায়ক ৰঞ্জিত দত্ত দখলত আছে সমষ্টিটো ।
৭৭নং বিহালী বিধানসভা সমষ্টি মিত্ৰজোঁটৰ দখললৈ আনিবলৈ এইবাৰ যুঁজ দিব চি পি আই (এম এল )দলৰ প্ৰাৰ্থী বিবেক দাসে ।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছ দলে ২৮,৫৫১টা ভোট লাভ কৰিছিল । তাৰ বিপৰীতে চি পি আই (এম এল)ৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৮,০২৫টা ভোট । অসমখন বিজেপিয়ে শেষ কৰিলে আৰু সেয়ে অসমখন ৰক্ষা কৰিবলৈ সকলো বিৰোধী দল একত্ৰিত হৈছে বুলি মন্তব্য কৰে বিবেক দাসে ।
লগতে পঢ়ক:টিংখাং সমষ্টিত ৰাইজে বিচাৰিছে চাহ অধ্যুষিত এলেকাৰ প্ৰাৰ্থী