বিশ্বনাথ,13 মে’: অসমীয়া জাতীয় জীৱনৰ মহীৰূহ স্বৰূপ হোমেন বৰগোহাঞিৰ অকাল মৃত্যুত মৰ্মাহত হৈছে অসমবাসী ৷ অসমীয়া ভাষাক ভাল পোৱা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক গৰাকীৰ মৃত্যুত অন্যান্য অনুষ্ঠানৰ লগতে বিহালী প্ৰেছ ক্লাৱেও শোক প্ৰকাশ কৰিছে ৷
বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক খগেন মটকে বিশিষ্ট সাহিত্যিক তথা সংবাদ জগতৰ পিতৃ স্বৰূপ হোমেন বৰগোহাঞিৰ মৃত্যুক অসমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ৷ বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক গৰাকীয়ে মৃতকৰ পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে ।