ETV Bharat / state

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ,বৰগাং নদীৰ গৰাখহনীয়া

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ ৷ নিশা অহা বাঢ়নি পানীয়ে বাঁহৰ সাঁকো উটুৱাই নিয়াৰ ফলত ৰামপুৰৰ ৰাইজৰ যাতায়ত ব্যাহত ৷ ইপিনে নীলবাৰীত বৰগাং নদীৰ গৰাখহনীয়াত জাহ গ'ল বাসগৃহ,খেতি পথাৰৰ লগতে কেইবাখনো ক্ষুদ্ৰ চাহ বাগান ৷

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ, বৰগাং নদীৰ গৰাখহনীয়া
author img

By

Published : Jul 4, 2019, 3:19 PM IST

বিহালী, 4 জুলাইঃ প্ৰসহনত পৰিণত ৰাজ্যৰ গ্ৰাম্য উন্নয়ন ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত এতিয়াও বাঁহৰ সাঁকোৱেই যেন একমাত্ৰ যোগাযোগৰ ব্যৱস্থা ৷ বিশ্বনাথৰ বৰগাঙৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত থকা শুকানসুঁতি নদীৰ ওপৰত থকা একমাত্ৰ বাঁহৰ সাঁকো খন নিশা অহা বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ ফলত স্থানীয় ৰাইজে বহু দুৰ্ভোগ ভুগীবলগীয়া হৈছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ৰামপুৰৰ যথেষ্ট সংখ্যক স্থায়ী শ্ৰমিকে নৈৰ সিপাৰে থকা ৰঙাগড়া চাহ বাগিছাত কৰ্মৰত লোকসকল একমাত্ৰ বাঁহৰ দলং খন আধাতকৈ অধিক অংশ ভাঙি লৈ যোৱাত বাৰুকৈয়ে বিপদত পৰিছে । অতিশীঘ্ৰে ৰামপুৰ আৰু বগৰিসুঁতিৰ ৰাইজৰ বাঁহৰ সাঁকোখন নিৰ্মাণ কৰি যাতায়ত কৰাৰ লগতে পৰৱৰ্তী সময়ত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ, বৰগাং নদীৰ গৰাখহনীয়া

আনহাতে বিহালীৰ নীলবাৰীত বৰগাং নদীৰ গৰাখহনীয়াত জাহ গ'ল বাসগৃহ,খেতি পথাৰৰ লগতে কেইবাখনো ক্ষুদ্ৰ চাহ বাগান ৷

Intro:As_behali_04july_behali flood_vsl_byte_scrpt_tridip Das Body:As_behali_04july_behali flood_vsl_byte_scrpt_tridip Das Conclusion:
বিহালীৰ নীলবাৰীত বৰগাং নদীৰ গড়াখহনীয়া /জাহ গ'ল বাসগৃহ, খেতি পথাৰ, চাহৰ বাগান

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভীলৰ নীলবাৰীত বৰগাং নদীৰ গড়াখহনীয়া | নেৰানেপেৰা বৰষুণত অৰুনাচলৰ পৰা বৈ অহা বাঢ়নী পানীয়ে নদীখনৰ পানীৰ গতিবেগ বৃদ্ধি কৰাত নদীৰ দাঁতিকাষৰীয়া অঞ্চলত গড়াখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে | খহনীয়া হোৱা আজি ৮ দিন উকলি গ'ল যদিও জিলা প্ৰশাসন তথা জন প্ৰতিনিধিয়ে খহনীয়াগ্ৰস্ত লোক সকলৰ কোনো খা খৱৰ নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় লোক সকলে |
খহনীয়াত ইতিমধ্যে ৰঘু কৰ্মকাৰ, ৰাধা গোৱালা, মুকেশ কিষান আৰু বুলবুলি কিষানৰ চাৰিটাকৈ বাসগৃহ বৰগাং নদীত জাহ গল ৷ কেইবাজনো লোকৰ চাহবাগিছা, কৃষি ভূমি গড়াখহনীয়াৰ কবলত পৰি পৰিয়াল কেইটা সৰ্বশ্ৰান্ত হবলগা হয় বিগত বৰ্ষ সমুহত বৰভীল চাহ বাগিছা আৰু গাংমৌথানত বৰগাং নদীয়ে তীব্ৰ গড়াখহনীয়া সংঘটিত কৰি বিস্তৰ ক্ষতিসাধান কৰাত ৰাইজৰ প্ৰৱল দাবীত চৰকাৰী পক্ষই বৰভীল চাহ বাগিছা আৰু গাংমৌথানত দুটা পৃথক পৃথক বান্ধ দিয়াৰ ব্যৱস্থা কৰিছিল | ফলত দুয়োটা বান্ধৰ মুকলি থকা মধ্য অংশ নীলবাৰীত বৰ্তমান নদীখনে তীব্ৰ গড়াখহনীয়াৰ সৃষ্টি কৰিছে | বৰভীল চাহ বাগিছাৰ পৰা গাংমৌথান লৈকে জিঅ' বেগৰ বান্ধ নিৰ্মাণৰ দাবী জনাই আহিছিল যদিও ৰাইজৰ দাবীক আওকান কৰি সম্পূৰ্ণ অদূৰদৰ্শী চিন্তাৰে বান্ধ বনাই নীলবাৰীৰ অংশ বাদ দিয়াৰ ফলশ্ৰুতিত গড়াখহনীয়াই তীব্ৰ ৰূপ
ধাৰণ কৰিছে বৰগাং নদীয়ে চপৰা চপৰে খহিছে গৰা। এনেকৈ খহনীয়া অব্যাহত থাকিলে অসমৰ মানচিত্ৰৰ পৰা বিহালীৰ নীলবাৰিৰ ঐতিহাসিক কছাৰী গাঁও নিচিহ্ন হৈ যাব তাত কোনো সন্দেহ নাই |

বিহালী পৰা ত্ৰিদিপ দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.