মিত্ৰতা ভংগৰ বাবে বিহালীত জটিলতাৰ সন্মুখীন হৈছে কংগ্ৰেছ: গৌৰৱ গগৈ - BYE ELECTION 2024
🎬 Watch Now: Feature Video
Published : Oct 31, 2024, 8:08 PM IST
বিশ্বনাথ চাৰিআলি : উপ-নিৰ্বাচনক লক্ষ্য কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে শাসকপক্ষৰ প্ৰায় সকলোখিনি মন্ত্ৰী, সাংসদ তথা বিধায়কে সম্প্ৰতি বাহৰ পাতিছে বিহালীত । বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি প্ৰায়খিনি মন্ত্ৰী, সাংসদ, বিধায়কে সমষ্টিটোৰ বুথে বুথে পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।
তাৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ সাংসদ গৌৰৱ গগৈয়েও বিহালীত বাহৰ পাতিছে । বৃহস্পতিবাৰেও সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক লগত লৈ সমষ্টিটোৰ বিভিন্ন স্থানত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় । আজি সাংসদগৰাকীয়ে লগত প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডা আৰু প্ৰাৰ্থী জয়ন্ত বৰাক লৈ বিহালীৰ ৰটোৱা গাঁৱত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।
এই প্ৰচাৰ সভাতে বিৰোধী ঐক্য সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "ক্ষন্তেক সময়ৰ বাবেহে আমি অলপ আঁতৰত আছো । আমি আকৌ মিলি যাম, এই কথা সকলোৱে জানে । বন্ধুসকলৰ মাজত কেতিয়াবা ভুল বুজাবুজি থাকে । অমি পুনৰ একগোট হ’ম । মিত্ৰতাৰ গুৰুত্বটো আমি সকলোৱে বুজো ।"
সাংসদগৰাকীয়ে আজি নিজমুখে স্বীকাৰ কৰে যে মিত্ৰতা ভংগ হোৱাৰ বাবে কংগ্ৰেছ দলে বিহালীত জটিলতাৰ সন্মুখীন হৈছে । কিন্তু আগন্তুক দিনত এই সমস্যাটো সামাধান কৰা হ'ব বুলিও তেওঁ কয় ।
লগতে পঢ়ক : চামগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নে তাঞ্জিল হুছেইন ? ধৰিব পৰা নাই দিপ্লুৰঞ্জন শৰ্মাই