ETV Bharat / bharat

প্ৰথমে 'মীৰ'ক ঝাৰখণ্ডৰ পৰা খেদি পঠিয়াওক, তেতিয়া 'বিশ্ব' নিজেই আঁতৰি যাব: হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গুলাম আহমেদ মীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক লক্ষ্য কৰি লৈছে ।

HIMANTA BISWA SARMA ON CM HEMANT
প্ৰথমে 'মীৰ'ক ঝাৰখণ্ডৰ পৰা খেদি পঠিয়াওক, তেতিয়া 'বিশ্ব' নিজেই আঁতৰি যাব :হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 10:39 PM IST

গড়োৱা : "প্ৰথমে 'মীৰ'ক ঝাৰখণ্ডৰ পৰা খেদি পঠিয়াওক, তেতিয়া 'বিশ্ব' নিজেই আঁতৰি যাব ৷" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে ঝাৰখণ্ডৰ গড়োৱাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী ড৹ শৰ্মা ৷

প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত ঝাৰখণ্ড ভ্ৰমণৰ কাৰ্যসূচী সন্দৰ্ভত আজি গড়োৱাত উপস্থিত হৈ তেওঁ আৰু কয়, "হেমন্ত ছোৰেণে কেৱল তুষ্টিকৰণৰ ৰাজনীতি কৰে আৰু আমাক বাহিৰৰ মানুহ বুলি কয় । যিদিনা হেমন্ত ছোৰেণে ইয়াৰ পৰা গুলাম আহমেদ মীৰক বাহিৰলৈ পঠিয়াই দিব, মই নিজেই ঝাৰখণ্ড এৰি যাম । মই সুধিছো- ৰাহুল ক'ৰ পৰা আহে ? তেওঁ বাহিৰৰ মানুহ নহয় নেকি ? এয়া মাথোঁ তুষ্টিকৰণৰ ৰাজনীতি ।"

প্ৰথমে 'মীৰ'ক ঝাৰখণ্ডৰ পৰা খেদি পঠিয়াওক, তেতিয়া 'বিশ্ব' নিজেই আঁতৰি যাব :হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে যিদিনা ঝাৰখণ্ডত বিজেপি চৰকাৰ গঠন হ’ব সেইদিনা বাংলাদেশী অনুপ্ৰৱেশকাৰীক বৈধভাৱে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব । গড়োৱাত উপস্থিত হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ পৰিবহণ মন্ত্ৰী আৰু স্থানীয় নেতাসকলে ড৹ শৰ্মাক ফুলৰ টোৰাৰে আদৰণি জনায় ।

ইয়াৰ পিছতে তেওঁ সভাস্থলী পৰিদৰ্শন কৰি স্থানীয় বিজেপি নেতাসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰধানমন্ত্ৰীৰ বৈঠক সফল কৰাৰ বাবে বহু প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । তেওঁ দলীয় কৰ্মীসকলক পুৱা অতি সোনকালে সভাস্থলীত উপস্থিত হোৱাৰ লগতে সাধাৰণ জনতাক লৈ আহিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, ৪ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমখন বৈঠক গড়োৱাত আৰু তাৰ পিছত চৈবাছাত অনুষ্ঠিত হ’ব । ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "আজি তিনিমাহ ধৰি মই দেখি আহিছো যে ইয়াত মুছলমান মানুহৰ বসতি আৰম্ভ হৈছে, আজি সোণতকৈ বালিহে মূল্যবান হৈ পৰিছে ৷ সোণ পোৱাটো সহজ কিন্তু বালি পোৱাটো সহজ নহয় ।"

জে এম এমৰ প্ৰাৰ্থী মিথিলেশ ঠাকুৰক আক্ৰমণ কৰি তেওঁ কয় যে বাঘ যেনেকৈ তেজৰ প্ৰতি আসক্ত হয়, ঠিক তেনেদৰে মিথিলেশ সিং ঠাকুৰো টকাৰ প্ৰতি আসক্ত হৈ পৰিছে । বালিৰ বলত মিথিলেশৰ পকেট গৰম হৈ আহিছে ।

লগতে পঢ়ক : হো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.