ETV Bharat / state

Migrated Birds at Bedeti: পক্ষীকুলৰ সমন্বয়স্থলী বেদেতী পথাৰ সংৰক্ষণৰ দাবী গৱেষক ছাত্ৰৰ

দেশী-বিদেশী পক্ষীৰ সমন্বয়ভূমিত পৰিণত বেদেতী (Bedeti become breeding ground of birds) । জাপান, ইউৰোপ, দক্ষিণ চাইবেৰিয়াৰ পক্ষীকুলৰ কলকলনিৰে ভৰি পৰিছে বিহালীৰ বেদেতী অঞ্চলৰ জলৰাশি । পক্ষীকুলৰ সমন্বয়স্থলী এই বেদেতী পথাৰক সংৰক্ষণৰ দাবী জনাইছে এজন গৱেষক ছাত্ৰই ।

author img

By

Published : Mar 4, 2023, 1:20 PM IST

Updated : Mar 4, 2023, 2:26 PM IST

Biswanath
Biswanath
বেদেতী পথাৰ সংৰক্ষণৰ দাবী

বিশ্বনাথ, 4 মাৰ্চ : হাতত এটা কেমেৰা লৈ বিহালীৰ বিভিন্ন জলাশয়ত ঘূৰি ফুৰি থকা এগৰাকী যুৱক হৈছে বিহালীৰ বেদেতীৰ প্ৰণয় মহন্ত । আচলতে তেওঁ পঢ়াৰ মাজতে পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত বিগত এটা বছৰে প্ৰচেষ্টা চলাই গৈছে (Bihali youth works on birds preservation) । কাৰণ পক্ষী মানেই প্ৰকৃতিৰ অনন্য অনবদ্য উপহাৰ ৷ পক্ষীৰ কুকিল কাকলিত সাৰ পায় পৃথিৱীয়ে ৷ ৰঙা-নীলা, বগা-হালধীয়া, ক'লা-ৰঙচুৱা ডেউকা কিম্বা পাখিৰ চৰাই চাবলৈ হেপাঁহনো কাৰ নজন্মে ৷

কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু প্ৰয়োগৰ ফলত সৃষ্ট ব্যাপক পৰিৱেশ পৰিৱৰ্তনৰ বাবে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে প্ৰকৃতিৰ অনবদ্য উপহাৰ চৰাই-চিৰিকটি ৷ মূলত পৰিৱেশৰ ভাৰাসাম্যহীনতা আৰু মানৱ জাতিৰ দায়বদ্ধহীনতাৰ ফলত পৃথিৱী ক্ৰমাৎ পক্ষীকুলবিহীনলৈ পৰ্যৱসিত হ'বলৈ ধৰিছে ৷ যিটো প্ৰকৃতিৰ ভাৰাসাম্যতাৰ বাবেও গভীৰ উদ্বেগজনক বিষয় ৷ যিসময়ত সমগ্ৰ বিশ্বতে পৰিৱেশ বিজ্ঞানী মহলে পক্ষী সংৰক্ষণ আৰু সংবৰ্ধনৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰি আহিছে, সেই সময়তে বিহালী সমষ্টিৰ বেদেতী পথাৰৰ জলৰাশিত আৱিষ্কাৰ হৈছে দেশী-বিদেশী প্ৰায় ৮০ বিধ প্ৰজাতিৰ চৰাইৰ সমন্বয় সমাবোশ (foreign birds species discovered at Bedeti) ৷

বিশ্বনাথৰ বিহালী নাচবৰৰ প্ৰণয় মহন্ত নামৰ ছাত্ৰজনে বিগত এটা বছৰ ধৰি পক্ষীকুলৰ সম্পৰ্কে গৱেষণা চলোৱাৰ কালতে বিহালীৰ বেদেতী পথাৰত প্ৰায় ২০ বিধ বিদেশী শীতকালীন পৰিভ্ৰমী চৰাই চিনাক্ত কৰিবলৈ সক্ষম হৈছে । য'ত Grey Headed, Lapwing (Japan), Ruddy shell duck (Europe), Citrine wagtail (North Siberia), White Wagtails (Europe), Siberian stonechatLittle ringed plovver (Europe) ইত্যাদি বিভিন্ন ৰঙ-বিৰঙৰ চৰাইৰ সমাগমৰ তথ্য ধৰা পৰিছে ৷ ইমানেই নহয়, এই জলৰাশিত দুষ্প্ৰাপ্য বৰটোকোলা, মাছৰোকা, চাকৈচকোৱা, কণামুচৰি,পানীকাউৰী, শামুকভঙা বগলীকে আদি কৰি বহু প্ৰজাতিৰ চৰাইৰ উমলাস্থলী আৰু বসবাসৰ কেন্দ্ৰত পৰিণত হৈ পৰিছে (Bedeti become breeding ground of birds) ৷

কিন্তু একাংশ চিকাৰী মানসিকতাৰ দানৱৰূপী মানুহৰ অত্যাচাৰত সংকটৰ গৰাহত পৰি হেৰাই যোৱাৰ ক্ষণ গণা পক্ষীৰ লগতে বিদেশী চৰাইৰ বিচৰণভূমিত পৰিণত হৈ পৰা বিহালীৰ বেদেতী পথাৰ অঞ্চল সংৰক্ষণ তথা সংবৰ্ধনৰ প্ৰয়োজন ৷ প্ৰকৃতিৰ অনবদ্য উপহাৰ চৰাইৰ সমন্বয় ভূমিত পৰিণত বেদেতী পথাৰখন উপযুক্ত পদ্ধতিৰে পক্ষী উদ্যান হিচাপে সংৰক্ষণৰ বাবে গৱেষক ছাত্ৰ প্ৰণয় মহন্তই বন বিভাগক আহ্বান জনোৱাৰ লগতে অঞ্চলটোৰ ৰাইজক সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায় । লগতে ছাত্ৰজনে কয় যে বিদেশী পৰিভ্ৰমী চৰাই প্ৰকৃতে মাৰ্চৰ পূৰ্বে উভতি যায় যদিও এইবাৰ কিন্তু বৰ্তমান সময়লৈকে নিজৰ দেশলৈ উভতি যোৱা নাই । যাৰ ফলত যদি এপ্ৰিল-মে' মাহত এই পক্ষীবোৰ অসমত থাকি যায়, তেন্তে ভৱিষ্যতে নিজৰ দেশলৈ পক্ষীবোৰ উভতি নাযায় বুলিও তেওঁ প্ৰকাশ কৰে ।

আনহাতে, ছাত্ৰজনে আন এক পৰিকল্পনা আগবঢ়াইছে । এই অঞ্চলত ভৱিষ্যতে জলাশয়ৰ দুয়োকাষে বিভিন্ন প্ৰজাতিৰ গছ ৰোপণ কৰিলে অধিক পক্ষীৰে অঞ্চলটো ভৰি পৰিব । তাৰ বাবে এই জলাশয় অঞ্চলবোৰত গছপুলি ৰোপণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । ইফালে অঞ্চলটোৰ দুই-এক পক্ষী চিকাৰীয়ে এই চৰাইবোৰক হত্যা কৰিবলৈ পৰিকল্পনা কৰি আহিছে যদিও সেই পৰিকল্পনা সফল হ'বলৈ দিয়া নাই বুলিও তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক :Rangia Municipality Deforestation Controversy: পৌৰসভাই কিয় কাটিলে ৰঙিয়াৰ মূল্যৱান গছবোৰ ?

Last Updated : Mar 4, 2023, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.