বিশ্বনাথ ৩১ জানুৱাৰী : বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাং বাছ আস্থানটো হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অন্যতম এক বাছ আস্থান । সুদীৰ্ঘ কেইবাবছৰে পৰিত্যক্ত হৈ থকা বাছ আস্থানটো দেওবাৰে বিহালীৰ বিধায়ক তথা অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তই শুভ উদ্বোধন কৰে । শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বিহালী সমষ্টিৰ দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধান হোৱা বুলি মন্তব্য কৰে ।
এই বাছ আস্থানটোৰ জৰিয়তে যাতায়ত ব্যৱস্থা সূচল হোৱাৰ উপৰিও বাছ আস্থানটো পুনৰ নিৰ্মান হোৱাত স্থানীয় ৰাইজৰ বহু পৰিমাণে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । আনহাতে বাছ আস্থানটো শুভ উদ্বোধন পাছতে মন্ত্ৰীগৰাকীয়ে বাছ আস্থানটোৰ পৰা বিশ্বনাথ চাৰিআলি, তেজপুৰ, গহপুৰ আদি আস্থানলৈ চলাচল কৰা পৰিবহণ নিগমৰ তিনিখনকৈ নতুন বাছৰো শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাজনো বিষয়াৰ লগতে পৰিবহণ নিগমৰ অধ্যক্ষ গৰাকীও উপস্থিত থাকে ।
উল্লেখ্য যে, বিহালী বৰগাঙত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটো বহু বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ থকাত পুনৰ নিৰ্মাণৰ বাবে দাবী জনোৱা হৈছিল । উক্ত দাবীৰ প্ৰতি সন্মান জনাই বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ মন্ত্ৰী ৰঞ্জিত দত্তই অসম পৰিবহণ নিগমৰ বাছ আস্থানটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।