ETV Bharat / state

ৰাজহুৱা সভাত জেললৈ যোৱাৰ কথা ক’লে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই - অসম খন সেউজীয়া কৰিবলৈ অহৰহ চেষ্টা

‘‘আমি যি কাম কৰিছোঁ ৰাইজৰ সুবিধা হোৱা বাবে কৰিছোঁ ৷ মই কোনো মিছা কথা ৰাইজক প্ৰকাশ নকৰোঁ, যদি মই কিবা মিছা কৈছোঁ মোৰ সন্মুখত ডিচি আছে মোক জেললৈ দিব গতিকে মই মিছা কথা নাই কোৱা’’- বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

Forest minister
Forest minister
author img

By

Published : Sep 7, 2020, 4:49 AM IST

বিশ্বনাথ, ৬ ছেপ্টেম্বৰ : অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লাবৈদ্যই দেওবাৰে বিহালী বনাঞ্চলৰ বিহুমাৰীত ৩ হেক্টৰ ভূমিৰ ঔষধি যুক্ত উদ্যান সাহিত্য মনীষী উপৱন খন উদ্বোধন কৰে । উদ্যান খন মুকলি কৰিয়েই উদ্যান খনৰ ভিতৰত এটি গছ পুলি ৰোপণ কৰে বনমন্ত্ৰী গৰাকীয়ে । ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে বিহালী বিহুমাৰীত এখন সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে, পূৰ্বৰ চৰকাৰৰ দিনতকৈ বিজেপি চৰকাৰে পৰিৱেশ ওপৰত অধিক গুৰুত্ব দি চাৰি বছৰত কেইবা কোটি গছ পুলি ৰোপণ কৰা হৈছে । এই চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত জনসাধাৰণ জীয়াই থাকিবলৈ যি অক্সিজেন প্ৰয়োজন তাৰ বাবে তেওঁলোকে অসম খন সেউজীয়া কৰিবলৈ অহৰহ চেষ্টা কৰা বুলি উল্লেখ কৰে ।

জেললৈ যোৱাৰ কথা ক’লে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই

আনহাতে পূৰ্বৰ চৰকাৰতকৈ আমাৰ চৰকাৰে চোৰাংচিকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা বুলি উল্লেখ কৰে । উদ্যান খন মুকলি কৰাক কেন্দ্ৰ কৰি আগন্তুক নিৰ্বাচনৰ টোপ বুলি একাংশ লোকে বনমন্ত্ৰীক প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় ‘‘আমি উদ্যান নিৰ্মাণ কৰি ৰাইজৰ ওচৰত ভোট বিচাৰি নাযাওঁ ৷ যদি কোনোবাই মনত তেনে ভাৱ লৈছে মনৰ পৰা উলিয়াই দিয়া উচিত । আমি যি কাম কৰিছোঁ ৰাইজৰ সুবিধা হোৱা বাবে কৰিছোঁ ৷ মই কোনো মিছা কথা ৰাইজক প্ৰকাশ নকৰোঁ, যদি মই কিবা মিছা কৈছোঁ মোৰ সন্মুখত ডিচি আছে মোক জেললৈ দিব গতিকে মই মিছা কথা নাই কোৱা’’ বুলি প্ৰকাশ কৰে বনমন্ত্ৰী গৰাকীয়ে ।

আনহাতে বনমন্ত্ৰী গৰাকীয়ে বিহালী বনাঞ্চল সংৰক্ষণ বাবে যি প্ৰয়োজন হয় সকলো প্ৰকাৰে চৰকাৰে বন বিভাগে সহায় কৰিবলৈ সাজু বুলি উল্লেখ কৰে । এই সভাত বিহালী বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বন বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়াৰ লগতে পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়া, বন্যপ্ৰাণী বন সংমণ্ডলৰ বন বিষয়াকে ধৰি বহু কেইজন বন বিভাগৰ বিষয়া কৰ্মচাৰী বিশ্বনাথ জিলা উপায়ুক্ত উপস্থিত থাকে ।

লগতে পঢ়ক : হীৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ: জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.