ETV Bharat / state

CM at Gohpur: অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Gohpur) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত আগন্তুত সময়ত কৃষকৰ উন্নয়নৰ বাবে চৰকাৰে পৰিকল্পনা কৰা কৃষি বিষয়ক বিভিন্ন নতুন প্ৰকল্পৰ সন্দৰ্ভত ঘোষণা কৰে ৷

Assam CM Himanta Biswa Sarma visits at Gohpur
অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
author img

By

Published : Apr 5, 2023, 8:37 PM IST

অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

গহপুৰ 5 এপ্ৰিল: 50 টা বসন্ত গৰকিলে গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমে ৷ গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী বৰ্ষৰ (Golden Jubilee of Purbajyoti Agricultural Farm) উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্বজ্যোতি ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

বুধবাৰ তথা আজি এই সোণালী জয়ন্তী অনুষ্ঠানৰ দ্বিতীয়টো দিনত গহপুৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Gohpur) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ লগে লগে ঢোল বাদন আৰু বিহু নৃত্যৰে 50 গৰাকী ঢুলীয়া আৰু নাচনীয়ে উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে, গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত (Purbajyoti Agricultural Farm Corporation) ৷

ইফালে 333 গৰাকী স্বেচ্ছাসেৱক আৰু সেৱিকায়ো অনুষ্ঠানটো জনসাধাৰণে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে সম্পূৰ্ণ সাজু হৈ কাম কাজৰ তদাৰক কৰিছে ৷ উল্লেখ্য যে, 1974 চনত অসম কৃষিপাম নিগম আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা একমাত্ৰ কৃষিপাম এই পূৰ্বজ্যোতি কৃষিপাম ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্য কৰি নিজ ভাষণত কয় যে, আমাৰ চৰকাৰে দায়িত্ব লোৱা পিচৰ পৰা অসমৰ খিলঞ্জীয়া ভূমি সংৰক্ষণ ভূমি হস্তান্তৰ আদি কামসমূহ হাতত লোৱা হৈছে ৷

স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া ৰাইজৰ ভূমি সমস্যা সমাধানৰ বাবে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি প্ৰদান কৰা কাম হাতত লোৱা হৈছে৷ যাৰ ফলত যোৱা বছৰ অসম চৰকাৰে ৰাজ্যৰ ভূমি সম্পৰ্ লাভ কৰা কে প্ৰায় 7 লাখ 50 হাজাৰ আবেদনকাৰীৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছে ৷

ইফালে এইবাৰ খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ স্বাৰ্থত মিছন বসুন্ধৰা 2.O জৰিয়তে ইতিমধ্যে ভূমি সম্পৰ্কে প্ৰায় 13 লাখ আবেদন লাভ কৰিছে ৷ শীঘ্ৰে এই আবেদনসমূহৰ সমস্যাৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ নামত থকা 5 হাজাৰ ভূমি নিগমৰ প্ৰায় 11 শ পৰিয়ালৰ নামত ব্যক্তিগত পট্টা দিয়াৰ দাবীৰ প্ৰতি আমি সন্মান জনাইছো ৷ কৃষিপাম নিগমৰ নামত থকা 5 হাজাৰ ভূমিৰ ভিতৰত 4 হাজাৰ ভূমি নিগমৰ পৰিয়ালসকলৰ নামত ব্যক্তিগতকৰণৰ ক্ষৈত্ৰত পদক্ষেপ লোৱা হ’ব ৷ লগতে আমি আহ্বান জনাইছো যে, 1 হাজাৰ বিঘা ভূমি নিগমৰ নামত অন্যথা চৰকাৰৰ নামত ৰাখিব, কাৰণ ভৱিষ্যতে এই 1 হাজাৰ বিঘা ভূমিৰ জড়িয়তে বিভিন্ন উন্নয়ন মূলক কাম হাতত ল’ব পৰা যাব ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে (CM on Arunodoi Scheme) কয় যে, আমাৰ চৰকাৰে কৃষিৰ জড়িয়তে কি দৰে উন্নয়ন কৰিব পাৰি তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে চৰকাৰে কৃষকৰ ধান ক্ৰয় কৰা কাম হাতত লৈছে ৷ সেই দৰে এইবাৰৰ পৰা কৃষকৰ সৰিয়হ ক্ৰয় কৰা কাম চৰকাৰে হাতত ল’ব ৷ যাতে কৃষকে উৎপাদন কৰা সামগ্ৰীসমূহত কোনো মধ্যভোগীয়ে হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷

তাৰ উপৰিও আমাৰ চৰকাৰে ৰাজ্যত মচুৰ খেতি কৰাও পৰিকল্পনা কৰি আছো ৷ যিহেতু মচুৰ দাইল, মিঠাতেল আমাৰ ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা ৰপ্তানি কৰিব লগা হয় সেইবাবেই এইবাৰ আমাৰ চৰকাৰে ৰাজ্য 270 গৰাকী শিক্ষিত নিবনুৱা যুৱকক 270 টা ধান বনা মিল প্ৰদান কৰা সিদ্ধান্ত লৈছে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে ৰাজ্যৰ 30 লাখ মহিলাই লাভ কৰা অৰুণোদয় আচঁনিৰ ধন বৃদ্ধি কৰা কথাও ঘোষণা কৰে ৷

লগতে পঢ়ক: Alumni meet of GU:গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.