ETV Bharat / state

57th Gorkha Conference: অসমত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকল এশ শতাংশই খিলঞ্জীয়া; মুখ্যমন্ত্ৰী

author img

By

Published : Apr 21, 2023, 10:49 PM IST

বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চতিয়াত আয়োজন কৰা হয় ৫৭ সংখ্যক গোৰ্খা সন্মিলন (57th Gorkha Conference)৷ এই গোৰ্খা সন্মিলনৰ শেষৰ দিনাৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰীসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি (Assam CM attends57th Gorkha Conference) ৷

57th Gorkha Conference
৫৭ সংখ্যক সন্মিলন দিৱসত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী
৫৭ সংখ্যক গোৰ্খা সন্মিলন

চতিয়া, ২১ এপ্ৰিল : ‘‘অসমত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকল বৰ্তমান অসমৰ এশ শতাংশই খিলঞ্জীয়া । ইয়াত কোনো দ্বিমত নাই । অসমত বসবাস কৰা প্ৰতিজন গোৰ্খা লোকেই একো একোজন অসম সন্তান অথবা এজন প্ৰকৃত ভাৰতীয় নাগৰিক । অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ যোৱা দুটা বছৰত কোনো ধৰণৰ সমস্যা নাই’’ । শুকুৰবাৰে চতিয়াত অনুষ্ঠিত অসম গোৰ্খা সন্মিলনৰ ৫৭ সংখ্যক সন্মিলন দিৱসত উপস্থিত হৈ জনসাধাৰণক সম্বোধন কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (57th Gorkha conference at Sootea) ৷

তেওঁ লগতে কয়, ‘‘গোৰ্খা জনগোষ্ঠীৰ লোকসকল বীৰ তথা পৰাক্ৰমী জাতি হয় ৷ দেশৰ উন্নতিৰ বাবে এতিয়া গোৰ্খা জনগোষ্ঠী আগবাঢ়িব লাগিব । আগন্তুক নৱপ্ৰজন্মৰ বাবে এতিয়া গোৰ্খা সম্প্ৰদায়ৰ লোকে নিজৰ সতি সন্ততিৰ বাবে পঢ়া-শুনাৰ লগতে খেলা-ধূলাৰ জৰিয়তেও দেশৰ সুনাম অৰ্জন কঢ়িয়াই অনাৰ প্ৰচেষ্টা কৰিব লাগিব । বাকী নিজকে খিলঞ্জীয়া নহয় বুলি হীন মান্যতা ভুগিব নালাগে’’ (Assam CM at Gorkha conference) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চতিয়াৰ গড়পালস্থিত প্ৰয়াত পদ্ম সিং থাপাৰ ক্ষেত্ৰত আয়োজন কৰা হয় ৫৭ সংখ্যক গোৰ্খা সন্মিলন (57th Gorkha Conference) ৷ শুকুৰবাৰে অৰ্থাৎ এই সন্মিলনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে এই গোৰ্খা সন্মিলনৰ মুকলি সভাত পৌৰোহিত্য কৰে গোৰ্খা সন্মিলনৰ অধ্যক্ষ কৃষ্ণ ভূজেলে । এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী পদুম বাহাদুৰ চৌৱানে ৷

লগতে এই অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্ট, বি টি আৰৰ বিধায়ক গোবিন্দ বসুমতাৰী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গোৰ্খা অটোনোমাছ কাউঞ্চিলৰ সভাপতি প্ৰেম তামাং, অসম নেপালী সাহিত্য সভাৰ সভাপতি ড৹ চিন্তামণি উপাধ্যায়সহ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে গোৰ্খা সম্প্ৰদায়ৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বিষদ আলোচনা আগবঢ়ায় । উল্লেখ্য যে, এই সভাতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক : Eid 2023 : ঈদৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.