ETV Bharat / state

বিহালীত বাঘৰ সন্ত্ৰাস - বিশ্বনাথ

অঞ্চলটোৰ কেটেলা চাহ বাগিছাত পাত তুলি থকা অৱস্থাত শ্ৰমিকক অতৰ্কিতে আক্ৰমণ ৷ এই মূহুৰ্তলৈকে পিঞ্জৰাবদ্ধ কৰিব পৰা হোৱা নাই বাঘটো ৷

কেটেলা চাহ বাগিছাত পাত তুলি থকা অৱস্থাত শ্ৰমিকক অতৰ্কিতে আক্ৰমণ
author img

By

Published : Aug 5, 2019, 8:52 PM IST

বিহালী, 5 আগষ্ট : শোণিতপুৰ জিলাৰ বিহালীত বাঘে সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ বিহালী সমষ্টিৰ কেটেলা চাহবাগিছাত আজি বাঘৰ অতৰ্কিত আক্ৰমণত এগৰাকী মহিলাসহ চাৰি গৰাকী শ্ৰমিক গুৰুতৰ ভাৱে আহত হয় ৷ ঘটনা অনুসৰি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বাগিছা খনত প্ৰায় 2 শতাধিক শ্ৰমিকে পাত তুলি আছিল ৷ আবেলি প্ৰায় ৩ বজাত অতৰ্কিতে এটা বাঘ বাগিছাৰ মাজৰ পৰা ওলাই আহি আনতী প্ৰজা নামৰ এগৰাকী 26 বৰ্ষীয় মহিলাৰ গাৰ ওপৰত জপিয়াই পৰে ৷ বাঘটোৱে মহিলাগৰাকীৰ মুখমণ্ডল,বুকু আৰু পিঠিত আক্ৰমণ কৰাত তেঁও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মাটিত ঢলি পৰে ৷ সেই সময়তে ওচৰত থকা শ্ৰমিক সকলে চিঁঞৰ-বাখৰ কৰাত বাঘটো বাগিছাৰ মাজত লুকাই পৰি অন্তৰ্ধান হয় ৷ ঘটনাৰ পাছতেই মহিলাগৰাকীক বৰগাং কেথলিক হস্পিতালত ভৰ্তি কৰোৱা হয় ৷

বিহালীত বাঘৰ সন্ত্ৰাস

ইফালে বাগিছা কৰ্তৃপক্ষই বৰগাং বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত বন বিষয়া চিকন্দৰ আলিৰ নেতৃত্বত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ সন্ধানত অভিযান চলায় সেই সময়তে বাগিছাখনৰ 4 নং লাইনত বাঘটোৱে পুনৰ ফিলবেন তপ্ন,পাপু চেখ আৰু সাগৰ নায়ক নামৰ তিনি জন শ্ৰমিকক আক্ৰমন কৰি পুনৰ অন্তৰ্ধান হৈ পৰে ৷ ইয়াক পাছতেই বাগিছাখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ আঘাতপ্ৰাপ্ত শ্ৰমিক তিনিজনকো কেথলিক হস্পিতালত ভৰ্তি কৰোৱা হয় তাৰে ফিলবেন তপ্ন আৰু আনতী প্ৰজাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতে আতংকিত শ্ৰমিক ৰাইজে শ্ৰমিক সকলৰ সুৰক্ষাৰ দাবীত বহু সময় ধৰি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ বৰ্তমানও অব্যাহত আছে বাঘৰ সন্ধান অভিযান ৷

Intro:as_biswanath_tiger_attack_802_vis_byte_dl_as10018Body:as_biswanath_tiger_attack_802_vis_byte_dl_as10018Conclusion:as_biswanath_tiger_attack_802_vis_byte_dl_as10018

বিহালীৰ কেটেলা চাহ বাগিছাত বাঘৰ আক্ৰমনত মহিলা সহ আহত তিনি 
-----------------------------------------
 
  বিহালী সমষ্টিৰ কেটেলা চাহবাগিছাত আজি অতৰ্কিত বাঘৰ আক্ৰমনত এগৰাকী মহিলা সহ চাৰি গৰাকী শ্ৰমিকক গুৰুতৰ ভাৱে আহত হয় | প্ৰাপ্ত,খৱৰ মতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগিছা খনত প্ৰায় ২ শতাধিক শ্ৰমিকে পাত তুলি আছিল | এনেতে প্ৰায় ৩ বজাত অতৰ্কিতে এটা বাঘ বাগিছাৰ মাজৰ পৰা ওলাই আহি আনতী প্ৰজা(২৬) নামৰ শ্ৰমিক মহিলা গৰাকীৰ গাৰ ওপৰত জপিয়াই পৰে | বাঘৰ আক্ৰমনত মহিলা গৰাকীৰ মুখমণ্ডল,বুকু আৰু পিঠিত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ মাটিত ঢলি পৰে | ওচৰত থকা শ্ৰমিক সকলে চিঞঁৰ বাখৰ কৰাত বাঘটো বাগিছাৰ মাজত লুকাই পৰে | লগে লগে মহিলা গৰাকীক বৰগাং কেথলিক হস্পিতালত ভৰ্তি কৰোৱা হয় | ইফালে বাগিছা কৰ্তৃপক্ষই বৰগাং বনাঞ্চলিক কাৰ্যালয়ত খৱৰ দিয়াত ঘটনাস্থলীত বনাঞ্চলিক বিষয়া চিকন্দৰ আলি সহিতে বনকৰ্মীৰ দলে বাঘটো খেদাবলৈ বিচাৰি ফুৰা সময়তে বাগিছাৰ ভিতৰৰ ৮ নং লাইনত বাঘটোয়ে পুনৰ ফিলবেন তপ্ন,পাপু চেখ আৰু সাগৰ নায়ক নামৰ তিনি জন শ্ৰমিকক আক্ৰমন কৰে | লগে লগে এই তিনি গৰাকীকো কেথলিক হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও ফিলবেন তপ্ন আৰু আনতী প্ৰজাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে | ইফালে বাগিছা খনত এক আতংকৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় | বাতৰ লিখা পৰত জানিব পৰা মতে বাগিছাৰ শ্ৰমুক পৰিয়াল সকল আতংকত ওলাই আহি ৰাষ্ট্ৰীয় ৫২ নং ঘাইপথ অৱৰোধ কৰে |
   
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.