ETV Bharat / state

বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - Assam News

শক্তি বিভাগৰ দায়িত্বজ্ঞানহীনতা তথা অকৰ্মণ্য়তাৰ বাবে বিশ্বনাথত প্ৰাণ হেৰুৱায় ৰবীন দাস নামৰ এগৰাকী বিদ্যুৎ কৰ্মচাৰীয়ে ৷ ইয়াৰ প্ৰতিবাদত সহস্ৰাধিক লোকে শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jun 26, 2019, 7:56 PM IST

বিশ্বনাথ, 26 জুনঃ শক্তি বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ ফলত মৃত্যুবৰণ কৰা ৰবীন দাসৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে সহস্ৰাধিক লোকে ৷ ঘটনাস্থলীত আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ লোক তথা বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা 48 ঘন্টাৰ ভিতৰত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে ৷

বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

আনহাতে প্ৰতিবাদকাৰী ৰাইজে সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰি এইক্ষেত্ৰত জড়িত থকা বিদ্যুৎ বিভাগৰ বিষয়াক শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বন কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷ অন্যথা আগলৈ আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি প্ৰশাসনক হুংকাৰ প্ৰদান কৰে ৷

Intro:as_biswanath_karen_men_ update_vis+byte_scrpt_as10018Body:as_biswanath_karen_men_ update_vis+byte_scrpt_as10018Conclusion:বিশ্বনাথ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত ধৰ্ণা ৰাইজৰ
অস্থানীয় কৰ্মচাৰী ক্ষয় ক্ষতি দাবীত

বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াত ভয়ংকৰ বিদ্যুতস্পৃত ।
বিদ্যুত পৰিবাহী তাঁৰ মেৰামতি কৰি থকা সময়ত ভয়ংকৰ বিদ্যুত স্পৃত হৈ মৃত্যুমুখত পৰে বিশ্বনাথ ঘাটৰ ৰবীন দাস নামৰ এগৰাকী বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী ।
দৰাচলতে বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াত ১১ কে.বি. বিদ্যুত পৰিবাহী তাঁৰ মেৰামতি কৰি থকা অৱস্থাত হঠাৎ বিদ্যুত সংযোগ হোৱা বাবে ভয়ানক বাবে বিদ্যুৎস্পৃত হৈ থিতাতে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে |শ।
পৰৱৰ্তী সময়ত বিশ্বনাথ ঘাটৰ স্থানীয় ৰাইজ আৰু সচেতন লোক তথা দল সংগঠনে বিদ্যুত বিভাগৰ কাৰ্যালয় উপস্থিত হৈ ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তুলা লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অৰ্ধ সামৰিক বাহিনী, বিশ্বনাথ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা প্ৰশাসন উপস্থিত হৈ মৃতকৰ পৰিয়ালক ৪৮ ঘন্টাৰ প্ৰাৰম্ভিক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা লগতে অতি সোনকালে সমগ্ৰ বিষয়ৰ ওপৰত উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে ।

উল্লেখ যে ইয়াৰ পুৰ্বেও একে ধৰণে বিশ্বনাথ ঘাটৰ দীপক দাস নামৰ এজন যুৱকৰ বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ বাবে মৃত্যুক সাৱটিবলগীয়া হৈছিল আৰু সমান্তৰালকৈ আজিও বিদ্যুত বিভাগৰ নিয়ন্ত্ৰণ কক্ষত কৰ্মৰত থকা কৰ্মচাৰী সকলৰ চৰম হেমাহি বাবে আজি এজন অস্থায়ী ভাৱে কৰ্মৰত যুৱক জনৰ মৃত্যু হয় । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা সঞ্জয় ভুঞা নামৰ ব্যক্তি গৰাকীৰ গাফিলতিৰ বাবে কৰ্মচাৰীৰ গৰাকী মৃত্যু হ'ল বুলি ৰাইজৰ অভিযোগ ।
ইয়াৰ লগতে আৰু বহু কেইজন ব্যক্তি জৰিত এই গাফিলতি
এই ক্ষেত্ৰত আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱা লগতে চাকৰি পৰা নিলম্বৰ দাবী জনাইছে ৰাইজে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.