ETV Bharat / state

বিহালীত আঁচনি শুভাৰম্ভণিৰ অনুষ্ঠানত অংশগ্ৰহণ সা‌ংসদ পল্লৱলোচন দাসৰ - চৰকাৰী আঁচনি

বিহালীত চৰকাৰী আঁচনি শুভাৰম্ভণিৰ অনুষ্ঠানত অংশগ্ৰহণ সাংসদ পল্লৱ লোচন দাসৰ। পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন আৰু জনতা উচ্চতম মাধ্যমিক বিদ্যালয় চৌহদৰ পকী বেৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভণি কৰে সাংসগৰাকীয়ে।

বিহালীত ২খন আঁচনি শুভাৰম্ভ কৰে সা‌ংসদ পল্লৱলোচন দাসে

author img

By

Published : Oct 17, 2020, 1:15 PM IST

বিশ্বনাথ ১৭ অক্টোবৰ: বিহালীত উপস্থিত হৈ শুক্ৰবাৰে দুখন চৰকাৰী আঁচনিৰ শুভাৰম্ভণিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ পল্লৱ লোচন দাসে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাংছালীলৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে। ইয়াৰ পিছতে সাংসদগৰাকী উপস্থিত হয় জনতা উচ্চতম মাধ্যমিক বিদ্যালয়ত।

বিহালীত ২খন আঁচনি শুভাৰম্ভ কৰে সা‌ংসদ পল্লৱলোচন দাসে

কিছুদিন পূৰ্বে বিদ্যালয় চৌহদত সাংসদ উন্নয়ন পুঁজিৰ ৮ লাখ টকা ব্যয় সাপেক্ষে পকীবেৰ নিৰ্মাণ কৰা হৈছিল। শুক্ৰবাৰে এই নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে পল্লৱলোচন দাসে। সাংসদগৰাকীৰ সৈতে এই কাৰ্যসূচীত অংশ লয় মন্ত্ৰী ৰঞ্জিত দত্ত,অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ লগতে স্থানীয় বিজেপি কৰ্মী সকলে।

সাংসদগৰাকীয়ে কয় যে,কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন নেতা স্বাধীনতা যুজঁৰ অগ্ৰণী সেনানী চবিলাল উপাধ্যায়ৰ নামত বিহালীত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিবলৈ আৰম্ভ কৰা কাৰ্যই অসমৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুসকলক চৰকাৰখনে সন্মান দিয়াটোকে প্ৰমাণ কৰিছে‌।

লগতে পঢ়ক:কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড: ভষ্মীভূত লক্ষাধিক টকাৰ সম্পত্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.