ETV Bharat / state

আৰক্ষী বিষয়াৰ তৎপৰতাত যান-জঁটৰ সমস্যাৰ পৰা মুক্ত বেদেতীবাসী - Bedeti Weekly Market

দীৰ্ঘদিন ধৰি ৰাজপথত চলি অহা বেদেতী সাপ্তাহিক বজাৰখনক লৈ অঞ্চলটোত সৃষ্টি হৈ আহিছিল তীব্ৰ যান-জঁট ৷ স্থানীয় আৰক্ষী বিষয়া নিপেন শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে ৰাজপথৰ কাষত থকা দোকানসমূহ বজাৰৰ ভিতৰলৈ পঠাই দিয়াৰ বাবে এতিয়া অঞ্চলবাসীয়ে এই সমস্যাৰ পৰা সকাহ লাভ কৰিছে ৷

বেদেতী সাপ্তাহিক বজাৰ
author img

By

Published : Jun 19, 2019, 10:31 PM IST

বিশ্বনাথ, 19 জুনঃ এগৰাকী আৰক্ষী বিষয়াৰ বাবে এতিয়া বহুদিনীয়া যান-জঁটৰ সমস্যাৰ পৰা সকাহ পাইছে বেদেতীৰ ৰাইজে ৷ বেদেতীৰ বুধবৰীয়া সাপ্তাহিক বজাৰখনত বজাৰগৃহ থকাৰ পিচটো একাংশ ব্যৱসায়ীয়ে মুল পথৰ কাষতে দোকান মেলি আহিছিল ৷ যাৰ বাবে অঞ্চলটোত তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বহুটো দুৰ্ঘটনাও সংঘটিত হৈ আহিছিল ৷

বেদেতী সাপ্তাহিক বজাৰ

বিগত ত্ৰিশ বছৰ ধৰি এইদৰেই চলি আহিছিল এই বজাৰখন ৷ কিন্তু শেহতীয়াকৈ বিহালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপেন শইকীয়াই ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ লগতে পথৰ কাষত পোহাৰ মেলি অহা ব্যৱসায়ীসকলে বজাৰগৃহলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হৈ পৰে ৷ স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীৰ এই ব্যৱস্থাৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৷

Intro:as_biswanath_19_june_801_behali_polic_vis+byte_scrpt_as10018Body:আৰক্ষী বিষয়া পদক্ষেপক আদৰণি ৰাইজৰ Conclusion:as_biswanath_19_june_801_behali_polic_vis+byte_scrpt_as10018

বিশ্বনাথৰ বেদেতী সাপ্তাহিক বজাৰৰ যান- জটৰ সমস্যা দুৰীকৰণ
আৰক্ষী বিষয়াক ৰাইজৰ শলাগ

বিশ্বনাথ জিলা
বিহালী আৰক্ষী থানা অন্তৰ্গত
বেদেতী বুধবৰীয়া সাপ্তাহিক বজাৰৰ দুয়ো কাষে যোৱা ৩০ বছৰ ধৰি একাংশ ব্যৱসায়ীয়ে দোকান দি পথ চোৱা যাতায়তৰ ক্ষেত্ৰত বহু সমস্যা সৃষ্টি কৰিছিল ।
দুয়ো কাষে দোকান বজাৰ থকাত বহু যাত্ৰী দুৰ্ঘটনাত মৃত্যু বৰণ কৰিব লগা হৈছিল ।
উল্লেখযোগ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
বেদেতী পৰা ৰাংচালী যোৱা অতি গুৰুত্বপূৰ্ণ এই পথ চোৱা দুয়ো কাষে একাংশ ব্যৱসায়ীয়ে দোকান দি দীর্ঘদিন ধৰি যানজটৰ সৃষ্টি কৰি আহিছিল !শ।
। এতিয়া সেই দুয়ো কাষে নাই কোনো এই ক্ষেত্ৰত দীৰ্ঘদিনীয়া এটা ডাঙৰ সমস্যা সমাধান কৰিলে বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়াই ।
আৰক্ষী গৰাকী আৰু ৰাইজৰ তৎপৰতা যোৱা সপ্তাহত পৰা পথৰ দুয়ো কাষে থকা দোকান সমুহ পথৰ কাষৰ পৰা আতৰাই বজাৰ ভিতৰত লৈ পঠাই দিয়ে । যোৱা ৩০ বছৰীয়া সমস্যা সমাধান কৰাত অঞ্চল টো ৰাইজে আৰক্ষী বিষয়াৰ গৰাকীক শলাগ লৈছে ।
শেহতীয়াকৈ আৰক্ষী বিষয়া গৰাকীয়ে বিভিন্ন কামত তৎপৰতা হোৱা দেখা গৈছে ।
কিছু দিনৰ আগতেই বিহালী বিখ্যাত দাস উপাধি এটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰি এক সু নাম কঢ়িওৱা লৈ সক্ষম হৈছিল ।আনহাতে আৰক্ষী বিষয়া গৰাকীয়ে চোৰাং চিকাৰী বিৰুদ্ধে
অভিযান অব্যাহত ৰখা দেখা গৈছে । একমাত্ৰ চোৰাং চিকাৰী বিৰোধীয়েই নহয় বিশেষকৈ বিহালী ৰাংছালী টেলঙনীয়া বটীয়ামাৰী অঞ্চলত দীৰ্ঘদিন ধৰি অবাধ হাৰত অবৈধ অৰুণাচলী সুৰা বিক্ৰী হৈ আছিল যদি বৰ্তমান সময়ত বহু পৰিমাণে এই সুৰাৰ অঞ্চল সমুহৰ পৰা নোহোৱা হৈছে বহু স্থানত ইতিমধ্যে অবৈধ অৰুণাচলী সুৰা বন্ধ কৰি দিয়া দেখা গৈছে ।
আনহাতে বিষয়া জনৰ এনে কিমান কামৰ বাবে ৰাইজৰ চকু মণি হৈ পৰিছে এতিয়া সকলোৱে প্ৰতিটো মুহূৰ্তত যিকোনো সমস্যা ক্ষেত্ৰত আৰক্ষী বিষয়া নিপেন শইকীয়াক প্ৰয়োজন অনুভৱ কৰিছে । অতি সহজ সৰল আৰু স্প্রষ্ট বাদী আৰক্ষী বিষয়া গৰাকীৰ বাবে একাংশ চোৰাং চিকাৰী মুৰৰ কামোৰণি হৈ পৰা পৰিলক্ষিত হৈছে ।
আনহাতে আন পক্ষ তথা চোৰাং চিকাৰী দালালি এতিয়া আৰক্ষী বিষয়া গৰাকী
বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰা ও পৰিলক্ষিত হৈছে ।
বিশেষকৈ বিহালীত যোৱা ৩০ বছৰীয়া সমস্যা সমাধান কৰা বাবে এতিয়া আৰক্ষী বিষয়া গৰাকীয়ে সকলোৱে প্ৰশংসা লবলৈ সক্ষম হৈছে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.