ETV Bharat / state

বিশ্ব শান্তি কামনাৰে বিশ্বনাথত সমূহিয়া ভাগৱত পাঠ - বিশ্বনাথ চাৰিআলি

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ কামনাৰে শুকুৰবাৰে বিশ্বনাথত অনুষ্ঠিত হয় এক সামূহিক ভাগৱত পাঠ অনুষ্ঠানৰ ৷ এই ভাগৱত পাঠ অনুষ্ঠানত প্ৰায় তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে ৷

bhagawat path Program At Biswanath
বিশ্ব শান্তি কামনাৰে বিশ্বনাথত সমূহিয়া ভাগৱত পাঠ
author img

By

Published : Jan 29, 2021, 9:56 PM IST

বিশ্বনাথ, 29 জানুৱাৰী: ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ কামনাৰে বিশ্বনাথ চাৰিআলিৰ নামবাঘমৰা আৰু কোবাইগড়া গাৱঁৰ মধ্যস্থল তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি সামূহিক ভাৱে ভাগৱত পাঠৰ আয়োজন কৰা হয়। উক্ত ভাগৱত পাঠ কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে ৷

bhagawat path Program At Biswanath
বিশ্ব শান্তি কামনাৰে বিশ্বনাথত সমূহিয়া ভাগৱত পাঠ

ইফালে এই ভাগৱত পাঠৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰে বয়োজেষ্ঠ তথা বিশিষ্ট সমাজকৰ্মী পদুৰাম হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মহেন্দ্ৰ বৰাই ।

ইফালে ভাগৱত পাঠ অনুষ্ঠানৰ লগত সংগতি ৰাখি নামবাঘমৰা, কোবাইগড়া, সামৰিখোৱা, মাজবাঘমৰা আৰু বুঢ়ীগাং গাঁৱৰ ভক্ত প্ৰাণ ৰাইজৰ সহযোগত এখন ভাগৱত শোভাযাত্ৰাও উলিওৱা হয়। এই ভাগৱত পাঠত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ প্ৰচাৰ শাখাৰ সদস্য জগত বনিয়া বাপ জনাৰ লগতে আৰু দিলীপ বৰুৱা বাপ। উক্ত ভাগৱত পাঠ অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পাঁচজন পাঠকে ভাগৱত ভাগ পাঠ কৰে ৷ বিশ্ব শান্তি আৰু পথ দুৰ্ঘটনাত যাতে কোনো লোকে অকাল মৃত্যুক সাৱতি ল'বলগীয়া নহয়, তাৰ বাবে উপস্থিত ভকত বৈষ্ণৱ সকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

লগতে পঢ়ক-উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.