ETV Bharat / state

বিশ্বনাথত উত্তৰ পূবৰ দ্বিতীয়টো বাছ চাৰ্জিং ষ্টেচন মুকলি

সোমবাৰে বিশ্বনাথত উত্তৰ পূবৰ দ্বিতীয়টো বাছ চাৰ্জিং ষ্টেচন মুকলি কৰা হয় ৷ এই চাৰ্জিং ষ্টেচনৰ শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ৷

author img

By

Published : Jan 25, 2021, 9:53 PM IST

electrinics bus charging station inougrated at biswanath
বিশ্বনাথত উত্তৰ পূবৰ দ্বিতীয়টো বাছ চাৰ্জিং ষ্টেচন মুকলি

বিশ্বনাথ,25 জানুৱাৰী : বিশ্বনাথ চাৰিআলিত আজি উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো অসম ৰাজ্যিক পৰিবহণ নিগমৰ ইলেকট্ৰনিক বাছ চাৰ্জিং ষ্টেচন মুকলি কৰা হয়। বিশ্বনাথৰ অসম ৰাজ্যিক পৰিবহণ নিগম কলনিত এই চাৰ্জিং ষ্টেচনৰ শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ৷ এই বাছ চাৰ্জিং ষ্টেচন মুকলি অনুষ্ঠানত সাংসদ পল্লৱলোচন দাসে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰদূষণ মুক্ত ভাৰত আৰু অসম গঢ়াৰ শ্ল'গানক বাস্তৱত ৰূপায়ন কৰাৰ বাবেই আজি অসমত ৰাজ্যিক পৰিবহণ নিগমৰ ইলেকট্ৰনিক বাছ চাৰ্জিং ষ্টেচনৰ উদ্বোধন কৰা হৈছে।

জানিব পৰা মতে, ১.৭৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চাৰ্জিং ষ্টেচনটোত একেলগে চাৰিখনকৈ বাছ চাৰ্জিং কৰিব পাৰিব। সদ্যহতে বিশ্বনাথৰ পৰা দুখনকৈ ইলেকট্ৰিক বাছ চলাচল কৰিব বুলি সদৰি কৰে সাংসদ গৰাকীয়ে। এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে ১২০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰিব ইলেকট্ৰিক বাছে খনে ।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য অভিযন্তা বলীন দাসে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত সাংসদ পল্লৱ লোচন দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, পন্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰৰ লগতে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিদ্যুৎ বিভাগৰ মহাপ্ৰৱন্ধক ৰঞ্জনা বৰঠাকুৰ, সমাজকৰ্মী পৰেশ বৰকাকটি, বিশ্বনাথ বনিক সন্থাৰ অধ্যক্ষ প্ৰভুনাথ সিং,সম্পাদক পংকজ বৰাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক-বাৰিষা বান খৰালি খহনীয়াৰে ৰাইজৰ দুখ হৈ পৰিছে সোৱণশিৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.