ETV Bharat / state

বিশ্বনাথত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ - বিশ্বনাথ জিলা চতিয়া চাৰ্কোলৰ সহকাৰী পৰিদৰ্শক

বিশ্বনাথ জিলা চতিয়া চাৰ্কোলৰ সহকাৰী পৰিদৰ্শক জয়ন্ত বৰা আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই সুৰা ভৰ্তি (Arunachali liquor) ট্ৰাকখন জব্দ কৰে ৷ জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় ৭-৮ লাখ টকা হ’ব ৷

Arunachali liquor seize at biswanath
বিশ্বনাথত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Jul 8, 2021, 12:37 PM IST

বিশ্বনাথ, ৮ জুলাই : বিশ্বনাথ মহকুমা আবকাৰী বিভাগে (Excise Department) অবৈধ অৰুণাচলী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান । বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত বিশ্বনাথ মহকুমা আবকাৰী বিভাগে(Excise Department) অভিযান চলাই এখন অৰুণাচলী সুৰা (Arunachali liquor) ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । বিশ্বনাথ জিলাৰ চতিয়া চাৰ্কোলৰ সহকাৰী পৰিদৰ্শক জয়ন্ত বৰা আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই WB 25 J 3331 নং সুৰা ভৰ্তি (Arunachali liquor) ট্ৰাকখন জব্দ কৰে ৷

আবকাৰী বিভাগে ট্ৰাকখন জব্দ কৰি বিশ্বনাথ মহকুমা আবকাৰী বিভাগ (Excise Department)ৰ কাৰ্যালয়লৈ লৈ আহে । চতিয়া চাৰ্কোলৰ সহকাৰী পৰিদৰ্শক জয়ন্ত বৰাই জানিবলৈ দিয়া অনুসৰি, উক্ত সুৰা (Arunachali liquor)খিনি এখন চিৰা ভৰ্তি ট্ৰাকৰ ভিতৰত লুকুৱাই অনা হৈছিল ৷ সুৰাখিনি ট্ৰাক চালকজনে বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল যদিও বিফল হয় ।

বিশ্বনাথত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

আবকাৰী বিষয়াজনে জানিবলৈ দিয়া অনুসৰি ট্ৰাকখনৰ পৰা ৩০০-৪০০ কাৰ্টন সুৰা (Arunachali liquor) উদ্ধাৰ কৰা হৈছে ৷ জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় ৭-৮ লাখ টকা হ’ব ৷ উল্লেখ্য যে, বিগত কেইবাদিন ধৰি বিশ্বনাথ মহকুমা আবকাৰী বিভাগে (Excise Department) অভিযান চলাই বহু পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা (Arunachali liquor)ৰ লগতে কেইবাখনো অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, মহকুমা আবকাৰী বিভাগ (Excise Department)ৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আবকাৰী পৰিদৰ্শক শৰৎ তিমুঙৰ নেতৃত্বত এটা দলে জব্দ কৰা অবৈধ সুৰা (Arunachali liquor)ৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ বিভাগটোৰ তদন্তৰ পাছতহে প্ৰকৃততে অবৈধ অৰুণাচলী সুৰা (Arunachali liquor)খিনি কোনে ক’লৈ সৰবৰাহ কৰিছিল, সেইয়া পোহৰলৈ আহিব ।

লগতে পঢ়ক : চামগুৰিত নিচাজাতীয় সামগ্ৰীসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.